নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাভিযোগৰ সন্মুখীন হ’ব বিদায়ী ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্প

আমেৰিকাৰ কেপিটল হিলত সমর্থকৰ তাণ্ডৱ

নিয়মীয়া বাৰ্তা ৯ জানুৱাৰীঃ সবাতোকৈ পুৰণি গণতান্ত্রিক দেশ আমেৰিকা যুক্তৰাষ্ট্রক কলংকিত কৰা ঘটনাৰ পাছত ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্প সংকটত৷ যোৱা বুধবাৰে নিশা মার্কিন কংগ্রেছত ট্রাম্পৰ সমর্থকে চলোৱা আক্রমণক লৈ দেশখনত সৃষ্টি হোৱা অৰাজক পৰিস্থিতিৰ বাবে মহাভিযোগৰ সন্মুখীন হ’ব পাৰে ৰাষ্ট্রপতি ট্রাম্প৷ কেপিটল হিলত সমর্থকক আক্রমণৰ বাবে উচটনি দিয়াৰ অভিযোগত ৰাষ্ট্রপতি ট্রাম্পে ২০ জানুৱাৰীৰ নির্ধাৰিত সময়ৰ পূর্বে হোৱাইট হাউছ এৰিবলগীয়া হ’ব পাৰে৷ আমেৰিকা যুক্তৰাষ্ট্রৰ ইতিহাসত কাহানিও নঘটা ঘটনাটোক লৈ ৰাষ্ট্রপতি ট্রাম্পক মহাভিযোগৰ সন্মুখীন কৰিব লাগে বুলি ডেম’ক্রেটে দাবী জনাইছে৷ শীর্ষ কংগ্রেছৰ ডেম’ক্রেট স্পিকাৰ পেল’ছি আৰু চিনেট ডেম’ক্রেটিক নেতা ছুক স্কুমাৰে কেপিটল হিলত আক্রমণ কৰাৰ অভিযোগত ৰাষ্ট্রপতি ট্রাম্পক পদৰ পৰা অপসাৰণ কৰিব লাগে বুলি উপ–ৰাষ্ট্রপতি মাইক পেন্স আৰু ট্রাম্পৰ কেবিনেটক আহ্বান জনাইছে৷ সংবিধানৰ ২৫সংখ্যক সংশোধনীৰ জৰিয়তে ৰাষ্ট্রপতিক অপসাৰণ কৰি কার্যবাহী ৰাষ্ট্রপতি হিচাপে উপ–ৰাষ্ট্রপতিয়ে দায়িত্ব গ্রহণ কৰিব পাৰে৷ যদি ৰাষ্ট্রপতিগৰাকী শাৰীৰিক অথবা মানসিকভাৱে অসুস্থ হয়৷ সংশোধনীৰ ধাৰা চতুর্থ অনুযায়ী উপ–ৰাষ্ট্রপতি আৰু কেবিনেটে ৰাষ্ট্রপতি ট্রাম্পক দায়িত্বৰ পৰা অপসাৰণ কৰিব পাৰে৷ এইক্ষেত্রত হাউছ অৱ ৰিপ্রেজেণ্টেটিভ আৰু চিনেটৰ স্পীকাৰৰ স্বাক্ষৰযুক্ত পত্রৰ প্রয়োজন হ’ব৷ এনে কৰিলে উপ–ৰাষ্ট্রপতি মাইক পেন্সে স্বয়ংক্রীয়ভাৱে কার্যবাহী ৰাষ্ট্রপতিৰ দায়িত্ব লাভ কৰিব৷

শেহতীয়াভাৱে ডেম’ক্রেটে এই প্রক্রিয়া আৰম্ভ কৰিছে৷ ডেম’ক্রেটৰ স্পীকাৰ পেলচিয়ে প্রকাশ কৰা মতে, যদি উপ–ৰাষ্ট্রপতি পেন্সে তেওঁলোকৰ আহ্বানক আওকাণ কৰে, তেতিয়াহ’লে তেওঁ অধিৱেশন আহ্বান জনাব৷ ট্রাম্পৰ বিৰুদ্ধে দ্বিতীয়বাৰৰ বাবে মহাভিযোগ আনিব৷ ইয়াৰ পূর্বে পেলচিয়ে আমেৰিকা যুক্তৰাষ্ট্রৰ নির্বাচনত পুনৰ জয়ৰ বাবে ইউক্রেইনৰ সহায় বিচৰা বুলি ৰাষ্ট্রপতি ট্রাম্পৰ বিৰুদ্ধে মহাভিযোগ আনিছিল৷ কেপিটল সংঘর্ষক লৈ যদি মহাভিযোগ অনা হয়, তেতিয়াহ’লে আমেৰিকাৰ ইতিহাসত ট্রাম্প হ’ব প্রথমগৰাকী ৰাষ্ট্রপতি, যাৰ বিৰুদ্ধে দ্বিতীয়বাৰ মহাভিযোগ অনা হৈছে৷ ইপিনে ট্রাম্পৰ সমর্থকে কেপিটল হিলত চলোৱা আক্রমণৰ ফলত আহত হোৱা আৰক্ষী বিষয়া এজনৰ আজি প্রাণহানি হৈছে৷ ইয়াকে লৈ এই সংঘর্ষত প্রাণ হেৰুওৱা লোকৰ সংখ্যা পাঁচজনলৈ বৃদ্ধি পাইছে৷ আনহাতে, কালিৰ এই লজ্জাজনক ঘটনাটোৰ পাছত ট্রাম্প প্রশাসনৰ হোৱাইট হাউছৰ কেইবাগৰাকীও বিষয়ববীয়াই পদত্যাগ কৰিছে৷ কেপিটল সংঘর্ষৰ বাবেই শিক্ষা সচিব ডেভছে পদত্যাগ–পত্র দাখিল কৰিছে৷ ইয়াৰ পূর্বে আন এগৰাকী বিষয়া এলাইন চাৱেও পদত্যাগ কৰিছে৷ লক্ষণীয় যে জ্যেষ্ঠ নেচনেল ছিকিউৰিটীৰ বিষয়ববীয়া মাইক মুলভেনি’ই বুধবাৰৰ ঘটনাটো সন্দর্ভত অসন্তুষ্টি ব্যক্ত কৰি পদত্যাগ কৰিছে৷ আনপিনে বুধবাৰৰ ঘটনাটোৰ পাছত ২০ জানুৱাৰীত ৰাষ্ট্রপতি নির্বাচিত জ’ বাইডেনক ক্ষমতা হস্তান্তৰ কৰিব বুলি ঘোষণা কৰা ৰাষ্ট্রপতি ট্রাম্পে কেপিটল সংঘর্ষ সন্দর্ভত ক্ষমা–প্রার্থনা জনাব বুলিও ট্রাম্প প্রশাসনৰ শীর্ষ সূত্রত প্রকাশ পাইছে৷

You might also like