অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ ভেকচিনৰ পৰীক্ষা মুম্বাইৰ হাস্পতালত
আইচিএমআৰে অনুমোদন জনালে কেইএমক
নিয়মীয়া বাৰ্তা, ১৯ আগষ্টঃ অক্সফ’ৰ্ড বিশ্ববিদ্যালয় আৰু আষ্ট্রাজেনেকে যৌথভাৱে প্রস্তুত কৰি থকা ক’ভিড ভেকচিন ক’ভিছিল্ডৰ দ্বিতীয় আৰু তৃতীয় পর্যায়ত মানৱ শৰীৰত পৰীক্ষা চলোৱা হ’ব মুম্বাইৰ কিং এডৱার্ড মেম’ৰিয়েল হাস্পতালত (কে ই এম)৷ মুম্বাইৰ পার্লস্থিত হাস্পতালখনত আগষ্ট মাহৰ কেইসপ্তাহৰ পৰা ক’ভিছিল্ডৰ মানৱ শৰীৰত ক্লিনিকেল পৰীক্ষা চলোৱা হ’ব বুলি ঘোষণা কৰিছে হাস্পতালখনৰ মুৰব্বী ডাঃ হেমন্ত দেশমুখে৷
উল্লেখনীয় মানৱ শৰীৰত ক’ৰোনাৰ ভেকচিনৰ পৰীক্ষা চলাবলৈ আগবাঢ়ি অহা দেশসমূহৰ ভিতৰত অন্যতম হিচাপে চিহ্ণিত হৈছে ভাৰত৷ ব্রিটেইনৰ মানৱ শৰীৰত ক’ভিছিল্ডৰ প্রথম পর্যায়ৰ পৰীক্ষা চলোৱাৰ পাছত ইয়াৰ ফলাফল প্রতিশ্রুতিপূর্ণ তথা উৎসাহজনক বুলি চিকিৎসা বিজ্ঞানীসকলে ঘোষণা কৰিছিল৷
স্মর্তব্য যে ইতিমধ্যে ক’ভিছিল্ডৰ প্রথম পর্যায়ৰ পৰীক্ষাৰ সবিশেষ তথ্য প্রকাশ পাইছে চিকিৎসা জার্নাল লেনছেটত৷ শেহতীয়াকৈ ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে (আই চি এম আৰ) মুম্বাইৰ হাস্পতালখনক ক’ভিছিল্ডৰ দ্বিতীয় তথ্য তৃতীয় পর্যায়ৰ পৰীক্ষাৰ বাবে অনুমোদন জনাইছে৷