নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অক্সিজেনক লৈ শীর্ষ পর্যায়ৰ বৈঠকত প্রধানমন্ত্রী

নিয়মীয়া বাৰ্তা, ১০ জুলাইঃ ক’ভিড–১৯ৰ তৃতীয় জোৱাৰৰ সকীয়নিৰ মাজতে শুকুৰবাৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ক’ভিড ৰোগীৰ বাবে প্রয়োজনীয় মেডিকেল অক্সিজেনক লৈ শীর্ষ বিষয়াৰে গুৰুত্বপূর্ণ বৈঠকত অংশ লয়৷

দেশৰ কেইবাখনো ৰাজ্যত ক’ভিডৰ দ্বিতীয় জোৱাৰত হোৱা অক্সিজেনৰ প্রচণ্ড নাটনি আৰু বিতৰণ–যোগানক লৈ সৃষ্ট সমস্যাৰ প্রতি লক্ষ্য ৰাখি সম্ভাব্য তৃতীয় জোৱাৰত যাতে তেনে পৰিস্থিতিৰ উদ্ভৱ নহয়, সেই সন্দর্ভত বৈঠকত বিতং আলোচনা হয়৷ দেশৰ হাস্পতালত মেডিকেল অক্সিজেনৰ যোগান উপলব্ধ কৰিব পৰাকৈ দেশজুৰি ৪ লক্ষাধিক বিছনাৰ কাৰণে ১,৫০০ পি এছ এ অক্সিজেন প্লাণ্ট স্থাপনৰ কাম দ্রুতগতিত চলি আছে বুলি কয় প্রধানমন্ত্রী মোদীয়ে৷

দেশজুৰি পি এছ এ অক্সিজেন প্লাণ্টৰ নির্মাণৰ অগ্রগতি সন্দর্ভত সন্তুষ্টি ব্যক্ত কৰি প্রধানমন্ত্রী মোদীয়ে যিমান পাৰি শীঘ্রেই প্লাণ্টসমূহ কার্যকৰী কৰিবলৈ নির্দেশ দিয়ে৷ বৈঠকত প্রধানমন্ত্রীৰ প্রধান সচিব, কেবিনেট সচিব, স্বাস্থ্য সচিব, গৃহ আৰু নগৰ পৰিক্রমাৰ সচিবকে ধৰি শীর্ষ বিষয়াসকল উপস্থিত থাকে৷

বৈঠকত প্রধানমন্ত্রীগৰাকীয়ে অক্সিজেন ব্যৱস্থাপনা আৰু পৰিচালনা কৰাৰ ক্ষেত্রত হাস্পতালৰ কর্মচাৰীক পর্যাপ্ত প্রশিক্ষণ দিয়াটোত প্রাধান্য দিয়ে৷ মন কৰিবলগীয়া যে বিশেষজ্ঞৰ দ্বাৰা প্রস্তুত কৰা প্রশিক্ষণ আর্হিৰে ইতিমধ্যে দেশজুৰি ৮,০০০জনক প্রশিক্ষণ দি আছে বুলি বৈঠকত শীর্ষ বিষয়াই অৱগত কৰে৷

You might also like