নিয়মীয়া বাৰ্তা ২১ এপ্ৰিলঃ মহাৰাষ্ট্ৰৰ নাছিকত ভয়ংকৰ ঘটনা। এখন চিকিৎসালয়ত অক্সিজেন লিক হোৱাৰ পিছত অক্সিজেনৰ যোগান বন্ধ কৰা হৈছিল, ফলত ভেণ্টিলেটৰত থকা ২২জন ৰোগী অক্সিজেনৰ অভাৱত মৃত্যু হয়।
খবৰ অনুসৰি, নাছিকৰ জাকিৰ হুছেইন চিকিৎসালয়ত খোলা ভাল্ভৰ বাবে অক্সিজেন লিক হৈছিল। পাছত এই লিকেজ বন্ধ কৰিবলৈ চিকিৎসালয়ত অক্সিজেনৰ যোগান বন্ধ কৰা হৈছিল। ফলত চিকিৎসালয়খনৰ ভেণ্টিলেটৰত থকা ২২ জন ৰোগীৰ অক্সিজেনৰ অভাৱত মৃত্যু ঘটে।
#WATCH | An Oxygen tanker leaked while tankers were being filled at Dr Zakir Hussain Hospital in Nashik, Maharashtra. Officials are present at the spot, operation to contain the leak is underway. Details awaited. pic.twitter.com/zsxnJscmBp
— ANI (@ANI) April 21, 2021