নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিনেমা হলৰ কৰ্মী, সাংবাদিকৰ বাবে বিনামূলীয়া ভেকচিনৰ ব্যৱস্থা অভিনেতা চিৰঞ্জিৱীৰ

নিয়মীয়া বাৰ্তা, ২১ এপ্ৰিলঃ ক’ৰোনাৰ দৰে কঠিন পৰিস্থিতিত দাক্ষিণাত্যৰ চলচ্চিত্ৰ উদ্যোগৰ ছুপাৰষ্টাৰ চিৰঞ্জীৱীয়ে সাংবাদিক আৰু চিনেমা হলৰ কৰ্মচাৰীৰ বাবে বিনামূলীয়া ভেকচিনৰ ব্যৱস্থা কৰাৰ কথা ঘোষণা কৰিছে।

কালি এটা টুইটযোগে তেওঁ কয় যে তামিলনাডুৰ সকলো সাংবাদিক আৰু চিনেমা হল কৰ্মীক সম্পূৰ্ণ বিনামূলীয়া ভেকচিন প্ৰদান কৰা হ’ব। এইক্ষেত্ৰত তেওঁক সহযোগিতা কৰিব ‘কৰোনা ক্ৰাইচিছ চেৰিটি’ নামৰ এটা ন্যাসে। লকডাউনৰ সময়ত এই ন্যাস অসহায় দৰিদ্ৰ লোকসকলৰ কাষত থিয় দিবলৈ গঠন কৰা হৈছিল।

উল্লেখ্য, বিগত বৰ্ষৰ ক’ৰোনাকালীন পৰিস্থিতিত চিৰঞ্জিৱীয়ে বহুখিনি সহযোগ আগবঢ়াইছিল দেশৰ নিজ ৰাজ্যৰ সাধাৰণ জনতাক।

You might also like