নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিদ্রোহীৰ আঘাতত নিহত শতাধিক পাক সৈনিক

নিয়মীয়া বাৰ্তা ৪ ফেব্ৰুৱাৰীঃ পাকিস্তানৰ বেলুচিস্তানত প্রৱেশত দেশখনৰ সেনাৰ বিৰুদ্ধে ভয়াৱহ আক্রমণ চলাইছে বিদ্রোহী সংগঠনে৷ বেলুচিস্তান লিবাৰেচন আর্মী নামৰ বিদ্রোহী সংগঠনটোৱে দাবী কৰা অনুসৰি দেশখনৰ দুটাকৈ সেনা শিবিৰত চলোৱা আক্রমণত শতাধিক সৈনিক নিহত হৈছে৷ লক্ষণীয়ভাৱে বেইজিঙত অনুষ্ঠিত হ’বলগীয়া শীতকালীন অলিম্পিক ক্রীড়া মহোৎসৱত অংশগ্রহণ কৰিবলৈ প্রধানমন্ত্রী ইমৰান খানে যাত্রা কৰিবলৈ লোৱাৰ কেইঘণ্টামান পূর্বেই সংঘটিত হৈছে এই আক্রমণ৷ বেলুচিস্তান লিবাৰেচন আর্মীয়ে এই আক্রমণত সেনাৰ বৃহৎ ক্ষতি হোৱা বুলি দাবী কৰিছে যদিও পাক সেনাই তাক অস্বীকাৰ কৰিছে৷ পাকিস্তানী সেনাৰ মতে, পাঞ্জগুৰ আৰু নুছকি সামৰিক শিবিৰত বিদ্রোহীয়ে আক্রমণ চলাইছিল যদিও পৰিস্থিতি বর্তমান নিয়ন্ত্রণাধীন৷ এই আক্রমণৰ ঘটনাত এজন সৈনিক নিহত হোৱাৰ উপৰি চাৰিজন বিদ্রোহী নিহত হোৱা বুলি দাবী কৰিছে পাক বাহিনীয়ে৷ কিন্তু বেলুচিস্তান লিবাৰেচন আর্মীয়ে এক প্রেছ বিবৃতিত উল্লেখ কৰা অনুসৰি দুয়োটা শিবিৰৰে বিস্তৰ ক্ষতিসাধন হৈছে৷ পাকিস্তানী সেনাৰ বিৰুদ্ধে এয়া এক মোক্ষম আঘাত বুলিও দাবী কৰা হৈছে বিবৃতিটোত৷ লক্ষণীয়ভাৱে পূর্বৰে পৰা বেলুচিস্তানত স্বাধীনতাৰ দাবীত বিদ্রোহৰ জুই জ্বলি আছে৷ পাকিস্তানী বাহিনীৰ বিৰুদ্ধে বিভিন্ন সময়ত কূটাঘাত সংঘটিত কৰি আহিছে বেলুচিস্তান লিবাৰেচন আর্মীয়ে৷

শেহতীয়াকৈ সেনাৰ বিৰুদ্ধে তুমুল যুদ্ধ আৰম্ভ কৰিছে বিদ্রোহী বাহিনীয়ে৷ স্বাধীনতাৰ দাবীত বেলুচিস্তানত আৰম্ভ হোৱা এই যুদ্ধক সন্ত্রাসবাদীৰ কূটাঘাত আখ্যা দি ইয়াক কঠোৰ হাতেৰে দমন কৰা হ’ব বুলি ঘোষণা কৰিছে প্রধানমন্ত্রী ইমৰান খানে৷ স্মর্তব্য যে যোৱা মাহত বেলুচিস্তান ৰিপাব্লিকান আর্মী আৰু ইউনাইটেড বেলুচ আর্মী ঐক্যবদ্ধ হৈছিল৷ তেতিয়াই গঠন হয় বেলুচিস্তান লিবাৰেচন আর্মী৷ পাকিস্তানী শাসনৰ শৃংখল ভাঙি পেলাবলৈ বেলুচিস্তানবাসীয়ে দীর্ঘদিনৰে পৰা সংগ্রামৰ পথ গ্রহণ কৰি আহিছে৷ ইয়াৰ বিপৰীতে পাক সেনাই বেলুচিস্তানৰ নিৰীহ লোকক অপহৰণ কৰি নি গোপনে হত্যা কৰাৰ উপৰি যুৱতীসকলৰ ওপৰত পাশৱিক ধর্ষণ চলাই আহিছে বুলিও অভিযোগ উত্থাপন হৈ আহিছে৷ বিদ্রোহৰ জুই নির্বাপণৰ বাবে ইছলামাবাদ প্রশাসনে গ্রহণ কৰা সকলো পাশৱিক পদক্ষেপৰ সমুচিত জবাব দিয়া হ’ব বুলি ইতিমধ্যে হুংকাৰ দিছে বেলুচিস্তান লিবাৰেচন আর্মীয়ে৷ স্মর্তব্য যে চীন–পাকিস্তান অর্থনৈতিক কৰিড’ৰ নির্মাণ হোৱাৰ পিছৰে পৰা অধিক অশান্ত হৈ পৰিছে বেলুচিস্তান৷ বেলুচিস্তানবাসীৰ অভিযোগ যে খনিজ সম্পদসমৃদ্ধ এই প্রদেশখনত লুণ্ঠন চলাবলৈ চীন–পাকিস্তান অর্থনৈতিক ক’ৰিডৰ গঢ়ি তোলা হৈছে৷ স্মর্তব্য যে যোৱা সপ্তাহতো বেলুচ বিদ্রোহীৰ হাতত নিহত হৈছিল ১০জন পাকিস্তানী সৈনিক৷

You might also like