নিয়মীয়া বাৰ্তা ১৪ ডিচেম্বৰঃ পাকিস্তানত প্রধানমন্ত্রী ইমৰান খান নেতৃত্বাধীন পাকিস্তান তেহৰিক–ই–ইনছাফ (পিটিআই) চৰকাৰৰ বিৰুদ্ধে ১১ বিৰোধী দলৰ উমৈহতীয়া মঞ্চ পাকিস্তান ডেম’ক্রেটিক মুভমেণ্ট (পিডিএম)ৰ বিক্ষোভ ক্রমাৎ অধিক ভয়াৱহ হৈ পৰিছে৷ দেশখনৰ সংবাদ মাধ্যমে প্রকাশ কৰা অনুসৰি আজি লাহোৰৰ মিনাৰ–ই–পাকিস্তানত পিডিএমে প্রধানমন্ত্রী ইমৰান খানৰ পদত্যাগ দাবী কৰি বৃহৎ বিক্ষোভ সংগঠিত কৰিছে৷ উল্লেখনীয় যে পিডিএমে ইমৰান খান চৰকাৰৰ বিৰুদ্ধে সংগঠিত কৰা প্রথমলানি বিক্ষোভৰ আজি আছিল অন্তিমটো সমাৱেশ৷ যোৱা সপ্তাহত প্রধানমন্ত্রী ইমৰান খানে পিডিএমৰ চৰকাৰবিৰোধী সমাৱেশ অনুষ্ঠিত কৰাৰ ক্ষেত্রত অনুমতি প্রদান কৰিবলৈ অস্বীকাৰ কৰিছিল৷ এই প্রতিবাদী কার্যসূচীৰ উদ্যোক্তা নেতাসকলৰ বিৰুদ্ধে আইনী গোচৰ চলি থকা বুলি উল্লেখ কৰিছিল ইমৰান খানে৷ ইফালে, দেশত ক’ভিড–১৯ বিয়পাই দিয়াৰ ক্ষেত্রত পিডিএমৰ এই সমাৱেশে বিশেষ অৰিহণা যোগোৱা বুলিও ইমৰান খানে ঘোষণা কৰি আহিছে৷ আজি লাহোৰত বিশাল প্রতিবাদী কার্যসূচী অনুষ্ঠিত হোৱাৰ পূর্বে বহু নেতা তথা কর্মীক আৰক্ষীয়ে গ্রেপ্তাৰ কৰে৷ ইফালে, এই গ্রেপ্তাৰ কার্যসূচীক গৰিহণা দিছে দেশখনৰ শীর্ষ আদালতৰ বাৰ এছ’চিয়েচনে৷ আনকি লাহোৰৰ সমাৱেশৰ পূর্বে ইমৰান খান চৰকাৰে গ্রহণ কৰা কঠোৰ ব্যৱস্থাক কেইবাগৰাকীও ৰাজনীতিকে ক্ষুৰধাৰ সমালোচনা কৰিছে৷ পিএমএল–এনৰ উপ–সভানেত্রী মৰিয়ম নৱাজে উল্লেখ কৰিছে যে ইমৰান খান চৰকাৰে লাহোৰ সমাৱেশ ব্যর্থ কৰিবলৈ যিমানেই অপচেষ্টা নচলাওক কিয়, জনসাধাৰণে এতিয়া চৰকাৰ ওফৰাই দিবলৈ সাজু হৈছে৷ ইমৰান খান চৰকাৰৰ শীঘ্রে পতন বিচাৰি পিডিএমে চলাই থকা এই বিক্ষোভলৈ এতিয়া বিভিন্ন সামাজিক সংগঠনেও সমর্থন জনাইছে৷