কাশ্মীৰক লৈ ভাৰতৰ স্থিতিত অসন্তুষ্ট পাক
মোদীৰে কাশ্মীৰী নেতৃত্বৰ আলোচনাৰ পূর্বে নতুন দিল্লীক সমালোচনা
নিয়মীয়া বাৰ্তা ২১ জুনঃ জম্মু–কাশ্মীৰৰ নেতৃত্বৰ সৈতে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আলোচনাত মিলিত হোৱাৰ পূর্বে পাকিস্তানে কঠোৰ প্রতিক্রিয়া প্রকাশ কৰিছে৷ কাশ্মীৰৰ ভাঙোন আৰু জন বিজ্ঞান সলনি কৰিবলৈ ভাৰতে গ্রহণ কৰিব বিচৰা সকলো পদক্ষেপৰে পাকিস্তানে বিৰোধ কৰি যাব বুলি কালি দেশখনৰ বৈদেশিক কার্যালয়ে এক বিবৃতিযোগে সদৰী কৰিছে৷ উল্লেখনীয় যে ২০১৯ৰ ৫ আগষ্টত সংবিধানৰ ৩৭০ অনুচ্ছেদ বাতিলৰ জৰিয়তে জম্মু–কাশ্মীৰৰ বিশেষ ৰাজ্যৰ মর্যাদা কর্তন কৰিছিল মোদী চৰকাৰে৷
জম্মু–কাশ্মীৰ আৰু লাডাখ দুই কেন্দ্রীয়শাসিত অঞ্চলত ভাগ কৰিছিল কাশ্মীৰ উপত্যকাক৷ তেতিয়াৰে পৰা পাকিস্তানে ভাৰতৰ এই সিদ্ধান্তৰ বিৰোধ কৰি আহিছে৷ স্মর্তব্য যে কেন্দ্রীয় চৰকাৰে জম্মু–কাশ্মীৰৰ ১৪ ৰাজনৈতিক নেতাক উচ্চ পর্যায়ৰ এক বৈঠকত মিলিত হোৱাৰ বাবে আমন্ত্রণ জনাইছে৷ আগন্তুক ২৪ জুনত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত নতুন দিল্লীত অনুষ্ঠিত হ’ব এই আলোচনা৷
এই আলোচনাতেই জম্মু–কাশ্মীৰত বিধানসভা নির্বাচন অনুষ্ঠিত কৰাৰ বিষয়টো সন্দর্ভত কেন্দ্রীয় চৰকাৰে কাশ্মীৰৰ নেতৃত্বৰে আলোচনা কৰিব৷ পাক বিদেশ মন্ত্রী শ্বাহ মেহমুদ কুৰেছিয়ে উল্লেখ কৰিছে যে কাশ্মীৰ উপত্যকতাত ভাৰতে চলাই থকা এনে অন্যায় কার্যক কেতিয়াও ইছলামাবাদে সমর্থন নকৰে৷ আন্তর্জাতিক মঞ্চত কাশ্মীৰ সমস্যা সমাধান কৰাৰ বাবে ব্যৱস্থা গ্রহণ কৰিব লাগে বুলি দাবী কৰি আহিছে পাকিস্তানে৷ লক্ষণীয়ভাৱে কাশ্মীৰত ভাৰতৰ সম্ভাব্য পদক্ষেপ সন্দর্ভত আশংকা ব্যক্ত কৰি ইতিমধ্যে ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদত বিষয়টো উত্থাপন কৰিছে পাকিস্তানে৷