কাশ্মীৰৰ সামৰিক ঘাটিত ড্রোনেৰে বোমা পেলাব পাকিস্তানে
নিয়মীয়া বাৰ্তা ২৪ আগষ্টঃ জম্মু–কাশ্মীৰক অশান্ত কৰি তোলাৰ বাবে চুবুৰীয়া ৰাষ্ট্র পাকিস্তানে নিত্য নতুন ব্লু–প্রিণ্ট ৰচি আছে৷ কেন্দ্রীয়শাসিত অঞ্চলত সন্ত্রাসবাদী সংগঠনৰ পোষকতা কৰি থকা পাকিস্তানে এইবাৰ ভাৰতীয় সামৰিক ঘাটিত প্রত্যক্ষভাৱে আক্রমণ কৰাৰ ব্লু–প্রিণ্ট ৰচিছে৷ সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ) বাহিনীৰ চোৰাংচোৱাৰ হাতত পৰা তথ্য মতে, জম্মু–কাশ্মীৰৰ আন্তর্জাতিক সীমান্তত থকা ভাৰতীয় সেনাৰ ঘাটি আৰু নিৰাপত্তা বাহিনীৰ স্থানসমূহত ড্রোনেৰে বোমা পেলাব৷ চোৰাংচোৱা সূত্রই প্রকাশ কৰা মতে, জম্মু–কাশ্মীৰৰ আন্তর্জাতিক সীমান্তৱর্তী আৰ এছ কুৰা আৰু ছাম্বা ছেক্টৰৰ সামৰিক ঘাটিক লক্ষ্য কৰি লৈছে পাকিস্তানে৷ চিৰবৈৰী ৰাষ্ট্রখনৰ চোৰাংচোৱা সংস্থা আই এছ আয়ে ইতিমধ্যে ভাৰতীয় ভূমিত থকা সন্ত্রাসবাদী সংগঠনৰ সদস্যক ড্রোনৰ সহায়ত অস্ত্র–শস্ত্র আৰু নিচাযুক্ত দ্রব্য যোগান ধৰাৰ পৰিকল্পনা আগবঢ়াই নিছে৷ ইতিমধ্যে যোৱা ২০ জুনত গ্রেনেড আৰু অত্যাধুনিক অস্ত্র–শস্ত্রসহ পাকিস্তানী ড্রোন এটা জন্মু–কাশ্মীৰৰ কঠুৱা জিলাৰ আন্তর্জাতিক সীমান্তত বি এছ এফে গুলীয়াই ভূপতিত কৰিছিল৷ বি এছ এফে অস্ত্র–শস্ত্রসহ পাকিস্তানী ড্রোন গুলীয়াই ভূপতিত কৰা এয়া জম্মু অঞ্চলত প্রথমটো ঘটনা আছিল৷ ভূপতিত ড্রোনত অত্যাধুনিক ৰাইফল, দুটা মেগজিন, ৬০ৰাউণ্ড গুলী আৰু ৭টা গ্রেনেড আছিল৷ পাকিস্তানে ড্রোনেৰে সন্ত্রাসবাদীক অস্ত্র–শস্ত্র যোগান ধৰাৰ প্রক্রিয়া চলাই থকাৰ সময়তে এইবাৰ ড্রোনৰ জৰিয়তে জম্মু–কাশ্মীৰৰ সামৰিক ঘাটিত বোমাৰে আক্রমণৰ ব্লু–প্রিণ্ট ৰচনা কৰিছে৷ তাৎপর্যপূর্ণ যে পঞ্জাবৰ ভাৰত–পাকিস্তান সীমান্তত ইতিমধ্যে বি এছ এফে কেইবাটাও ড্রোন গুলীয়াই ভূপতিত কৰিবলৈ সক্ষম হৈছে৷ ২০১৯ চনতো পাকিস্তানী ড্রোন এটা পঞ্জাব সীমান্তত নিষ্ক্রিয় অৱস্থাত উদ্ধাৰ কৰিছিল বি এছ এফে৷ পঞ্জাব আৰু জম্মুু–কাশ্মীৰৰ ভাৰতীয় আকাশ মার্গৰ ভিতৰত পাকিস্তানী ড্রোন প্রৱেশ কৰাটো নিৰাপত্তা বাহিনীয়ে কেইবাবাৰো প্রত্যক্ষ কৰিছে৷