নিয়মীয়া বাৰ্তা, ২৩জানুৱাৰী: ভাৰত চৰকাৰে নেতাজী সুভাস চন্দ্ৰ বসুৰ জন্মদিনৰ লগত সংগতি ৰাখি ২৩ জানুৱাৰীৰ দিনটো পৰাক্ৰম দিৱস হিচাপে ঘোষণা কৰিছিল। পৰাক্ৰম দিৱস উপলক্ষে আজি দিনৰ ১১ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সিং ব্য়ৱস্থাৰে অনুষ্ঠানত অংশগ্ৰহণ কৰে। এইক্ষণতে তেওঁ আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ ২১টা দ্বীপক ২১ গৰাকী পৰমবীৰ চক্ৰ পুৰস্কাৰ প্ৰাপ্ত বীৰৰ নামেৰে নামাকৰণ কৰে। দেশৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষাৰ হকে চৰম বলিদান দিয়া দেশৰ নায়কসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্য়ে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে কয় যে, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত নেতাজীৰ স্মৃতিসৌধে এতিয়া জনসাধাৰণৰ হৃদয়ত আৰু অধিক দেশপ্ৰেমৰ সৃষ্টি কৰিব।