নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রার্থী বাছনিৰ ২৪ ঘণ্টাৰ ভিতৰত ৱেবছাইটত দিব লাগিব অপৰাধমূলক গোচৰ

নিয়মীয়া বাৰ্তা, ১১ আগষ্টঃ  ৰাজনীতি অপৰাধীমুক্তকৰণক লৈ কঠোৰ হৈছে উচ্চতম ন্যায়ালয়৷ ৰাজনৈতিক দলসমূহক নির্বাচনত প্রতিদ্বন্দ্বিতা কৰোৱা প্রার্থীক লৈ ইতিমধ্যে চলিত ৰায়ক সংশোধন ঘটাই মঙলবাৰে নতুন ৰায় প্রদান কৰে উচ্চতম ন্যায়ালয়ে৷

সর্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি ৰামানা নেতৃত্বাধীন তিনিজনীয়া বিচাৰপীঠে মঙলবাৰে ৰাজনৈতিক দল, নির্বাচন আৰু বিধায়ক–সাংসদ সন্দর্ভত গুৰুত্বপূর্ণ ৰায় প্রদান কৰে৷ বিচাৰপীঠৰ ৰায় অনুসৰি ৰাজনৈতিক দলসমূহে প্রার্থী বাছনিৰ ৪৮ ঘণ্টাৰ ভিতৰতে প্রার্থীৰ বিৰুদ্ধে থকা অপৰাধমূলক গোচৰ ৱেবছাইটত উপলব্ধ কৰিব লাগিব৷ অর্থাৎ প্রার্থীৰ অপৰাধমূলক গোচৰ ৰাজহুৱা কৰিব লাগিব৷ উল্লেখ্য যে সর্বোচ্চ ন্যায়ালয়ে বিগত বর্ষৰ ফেব্রুৱাৰী মাহত ৰাজনৈতিক দলক প্রার্থী বাছনিৰ ৪৮ ঘণ্টাৰ ভিতৰত অথবা মনোনয়ন–পত্র দাখিলৰ অতিকমেও দুসপ্তাহ পূর্বে প্রার্থীৰ অপৰাধমূলক গোচৰ ৰাজহুৱা কৰাৰ ৰায় দিছিল৷ সেই ৰায়টোৰ সংশোধনী ঘটাই মঙলবাৰে বিচাৰপীঠে প্রার্থী বাছনিৰ ৪৮ ঘণ্টাৰ ভিতৰতে প্রার্থীৰ অপৰাধমূলক গোচৰ ৰাজহুৱা কৰাৰ নির্দেশ দিয়ে৷ ঠিক তেনেদৰে উচ্চ ন্যায়ালয়ৰ অনুমতি অবিহনে বিধায়ক আৰু সাংসদৰ বিৰুদ্ধে থকা অপৰাধমূলক গোচৰ ৰাজ্য চৰকাৰে প্রত্যাহাৰ কৰিব নোৱাৰে৷

ৰাজ্য চৰকাৰসমূহে যাতে ক্ষমতাৰ অপব্যৱহাৰ কৰিব নোৱাৰে, তাৰ প্রতি লক্ষ্য ৰাখিয়েই বিচাৰপীঠে এই ৰায় দিয়ে৷ ফৌজদাৰী কার্যবিধি আইনৰ অধীনত অভিযুক্ত জনপ্রতিনিধিৰ বিৰুদ্ধে থকা অপৰাধমূলক গোচৰ চৰকাৰী অধিবক্তাই উচ্চ ন্যায়ালয়ৰ বিনানুমতিত তথা অনুমোদন অবিহনে প্রত্যাহাৰ কৰিব নোৱাৰিব৷ তদুপৰি উচ্চতম ন্যায়ালয়ৰ পৰৱর্তী ৰায় নিদিয়ালৈকে বিশেষ আদালতৰ ন্যায়াধীশে শুনানি কৰি থকা বিধায়ক আৰু সাংসদৰ গোচৰ আন আদালতলৈ হস্তান্তৰ কৰিব নোৱাৰিব৷ এই সন্দর্ভত উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে দেশৰ সকলো উচ্চ ন্যায়ালয়ৰ ৰেজিষ্টাৰ জেনেৰেললৈ নির্দেশনা জাৰি কৰিছে৷ এই নির্দেশনা অনুসৰি এক নির্দিষ্ট পত্রত বিশেষ আদালতত থকা জনপ্রতিনিধিৰ গোচৰবোৰ লিপিবদ্ধ কৰি শুনানি আদালতক অৱগত কৰিব লাগিব৷

উল্লেখ্য যে ২০১৬ চনত অধিবক্তা তথা বিজেপি নেতা অশ্বিনী উপাধ্যায়ে বিধায়ক–সাংসদৰ বিৰুদ্ধে থকা অপৰাধমূলক গোচৰ ফাষ্ট ট্রেক আদালতত বিচাৰ কৰি দোষী ৰাজনীতিকক নির্বাচনত প্রতিদ্বন্দ্বিতাৰ পৰা আজীৱন নিষেধাজ্ঞা কৰাৰ দাবীৰে জনোৱা ৰাজহুৱা স্বার্থজড়িত আবেদন (পিআইএল)ৰ শুনানি গ্রহণ কৰি বিচাৰপীঠে এই ৰায় দিয়ে৷ মন কৰিবলগীয়া যে পি আই এলৰ এই শুনানিত বিচাৰপীঠক সহায় কৰে জ্যেষ্ঠ অধিবক্তা বিজয় হানচাৰিয়া আৰু অধিবক্তা স্নেহা কলিতাই৷ বিচাৰপীঠৰ সন্মুখত অধিবক্তাদ্বয়ে ৰাজনীতিকৰ অপৰাধমূলক গোচৰৰ প্রতিবেদন দাঙি ধৰে৷ মুখ্য ন্যায়াধীশ ৰামানাৰ নেতৃত্বত ন্যায়াধীশ বিনীত চৰণ আৰু সূর্যকান্তৰ তিনিজনীয়া বিচাৰপীঠে বিগত বর্ষৰ বিহাৰ বিধানসভা নির্বাচনত ৰাজনৈতিক দলসমূহে সর্বোচ্চ ন্যায়ালয়ৰ নির্দেশক অৱমাননা কৰাৰ বাবে জৰিমনা বিহে৷ নির্বাচনত ৰাজনৈতিক দল বিশেষকৈ বিজেপি–কংগ্রেছসহ ৯টা দলে প্রার্থীৰ অপৰাধমূলক গোচৰ ৰাজহুৱাকৈ প্রকাশ নকৰাৰ বাবে জৰিমনা বিহে৷ বিজেপি, কংগ্রেছসহ সাতটা দলক প্রত্যেককে ১ লাখ টকাকৈ জৰিমনা বিহাৰ বিপৰীতে চিপিএম আৰু এনচিপি দলক প্রত্যেককে ৫ লাখ টকাকৈ জৰিমনা বিহে৷ গুৰুত্বপূর্ণ যে উচ্চতম ন্যায়ালয়ৰ নির্দেশনা নামানিলে নির্বাচন আয়োগে ৰাজনৈতিক দলৰ প্রতীক বাতিল কৰা হ’ব বুলি সর্বোচ্চ ন্যায়ালয়ক অৱগত কৰে৷

You might also like