আয়ুস মন্ত্ৰালয়ৰ হাতত ক’ৰোনিলৰ ভাগ্য, বিপদত ৰামদেৱ!
নিয়মীয়া বাৰ্তা, ২৪ জুনঃ ক’ৰোনাৰ ঔষধ মুকলি কৰি বিতৰ্কৰ মাজত সোমাই পৰিছে বাবা ৰামদেৱ। ৰাজস্থান চৰকাৰে বাবা ৰামদেৱৰ ওপৰত গোচৰ তৰাৰ বিষয়েও চিন্তা-চৰ্চা কৰা বুলি নিউজ চেনেল ‘আজ টক’ৰ এটা বাতৰিত প্ৰকাশ হৈছে।
ইয়াৰ উপৰি উত্তৰাখণ্ডৰ আয়ুৰ্বেদ বিভাগে ঔষধ প্ৰস্তুত কৰাৰ অনুমতি ক’ৰ পৰা পাইছে তাক জনাবলৈ জাননীও জাৰি কৰিছে। উত্তৰাখণ্ডৰ লাইচেন্সিং অফিচাৰৰ মতে পতঞ্জলিৰ আবেদনৰ ভিত্তিত অনুজ্ঞাপত্ৰ দিয়াটো সঁচা, কিন্তু আবেদনত ক’ৰোনা ভাইৰাছৰ কোনো উল্লেখ নাছিল, বৰঞ্চ ইমিউনিটী বৃদ্ধি, পানীলগা জ্বৰৰ ঔষধ প্ৰস্তুতৰ বিষয়হে উল্লেখ কৰিছিল।
ৰাজস্থানৰ স্বাস্থ্যমন্ত্ৰী ৰঘু শৰ্মাই ক’ৰোনাৰ ঔষধ ক’ৰোনিল বুলি কোৱাটো একপ্ৰকাৰৰ প্ৰৱঞ্চনা বুলি উল্লেখ কৰি কয় যে ক’ৰোনা মহামাৰীৰ সময়ত পতঞ্জলিয়ে যিধৰণে ক’ৰোনিল বিক্ৰীৰ সুবিধা ল’ব খুজিছে, সেয়া ভাল কথা নহয়। তেওঁৰ মতে, আই চি এম আৰ বা ৰাজস্থান চৰকাৰ কাৰোৱে পৰা অনুমতি নোলোৱাকৈ যোগগুৰুগৰাকীয়ে নিজাববীয়াকৈ এই দৰববিধ আনুষ্ঠানিকভাৱে মুকলি কৰিছে৷
আনহাতে কেন্দ্ৰীয় আয়ুস মন্ত্ৰী শ্ৰীপদ নায়কে কয় যে ৰামদেৱে কোনো মন্ত্ৰালয়ৰ পৰা অনুমতি নোলোৱাকৈ সংবাদ মাধ্যামযোগে এই ঔষধৰ বিষয়ে ঘোষণা কৰিব নালাগিছিল। পতঞ্জলিৰ পৰা এই সমস্ত ঘটনাৰ উত্তৰ বিচৰা হৈছে আৰু পতঞ্জলিয়ে উত্তৰ দিছেও, গতিকে বিষয়টো টাস্ক ফ’ৰ্চৰ বিবেচনাধীন কৰা হৈছে।
উল্লেখ্য,কালি ৰামদেৱৰ প্ৰতিষ্ঠান পতঞ্জলিয়ে মুকলি কৰিছিল ক’ৰোনাৰ ঔষধ ক’ৰোনিল আৰু স্বাছাৰি। পতঞ্জলি গৱেষণা কেন্দ্রই এই আয়ুর্বেদিক ক’ভিড ৰোগীক আৰোগ্য কৰি তুলিবলৈ ১০০ শতাংশই সফল বুলিও মন্তব্য কৰিছিল। ৭ দিনত ক’ৰোনা ৰোগীয়ে আৰোগ্য লাভ কৰাৰ প্ৰতিশ্ৰুতিও দিছিল পতঞ্জলিয়ে।
ৰামদেৱৰ এনে ঘোষণাত আশ্চৰ্য প্ৰকাশ কৰি কেন্দ্রীয় আয়ুস মন্ত্রালয়ে উত্তৰাখণ্ড চৰকাৰক ক’ৰোনিল প্রস্তুতৰ ক্ষেত্রত অনুজ্ঞা–পত্র আৰু অনুমোদনৰ তথ্য শীঘ্রে দাখিল কৰিবলৈ নির্দেশ দিয়াৰ লগতে ৰামদেৱৰ পতঞ্জলি আয়ুর্বেদ লিমিটেডক ক’ৰোনিলৰ বিজ্ঞাপন তথা এই সন্দর্ভত সকলো ধৰণৰ প্রচাৰ বন্ধ কৰিবলৈ আহ্বান জনাইছিল৷ এতিয়া কেন্দ্ৰীয় আয়ুস মন্ত্ৰালয়ৰ সিদ্ধান্তইহে নিৰ্ধাৰণ কৰিব ক’ৰোনিলৰ ভৱিষ্যৎ।