নিয়মীয়া বাৰ্তা,১৬ আগষ্ট: ইজৰাইলী স্পাইৱেৰ পেগাছাছ কেলেংকাৰি সন্দর্ভত চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি স্বতন্ত্র তদন্তৰ দাবী জনোৱা এক আবেদনৰ শুনানি গ্রহণ কৰে উচ্চতম ন্যায়ালয়ে৷
আবেদনৰ শুনানিত সোমবাৰে কেন্দ্রীয় চৰকাৰে পেগাছাছৰ জৰিয়তে চোৰাংচোৱাগিৰি কৰা বুলি উঠা অভিযোগক খণ্ডন কৰি উচ্চতম ন্যায়ালয়ত কালি দুই পৃষ্ঠাৰ শপতনামা দাখিল কৰে৷ কেন্দ্রীয় চৰকাৰৰ বিৰুদ্ধে দাখিল কৰা আবেদনৰ শুনানি গ্রহণ কৰি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি ৰামানাই কয় যে কেন্দ্রীয় চৰকাৰ শপতনামা দাখিল কৰিবলৈ অনিচ্ছুক৷ আমি কেনেকৈ চৰকাৰখনক শপতনামা দাখিল কৰিবলৈ বাধ্য কৰাব পাৰোঁ৷ পেগাছাছ বিষয়টোক লৈ স্বতন্ত্র অনুসন্ধানৰ দাবীৰে জনোৱা কেইবাখনো আবেদনৰ শুনানি গ্রহণ কৰি উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে কেন্দ্রীয় চৰকাৰক শপতনামা দাখিল কৰিবলৈ বাধ্য কৰিব নোৱাৰোঁ বুলি মত ব্যক্ত কৰে যদিও চৰকাৰে বিচাৰিলে এই সন্দর্ভত বিতং শপতনামা ন্যায়ালয়ত দাখিল কৰিব পাৰে বুলি কয়৷
আবেদনকাৰীৰ হৈ জ্যেষ্ঠ অধিবক্তা কপিল ছিবালে বিচাৰপীঠৰ সন্মুখত যুক্তি প্রদর্শন কৰি কয় যে কেন্দ্রই এই কথা শপতনামাযোগে অৱগত কৰিব লাগে যে চৰকাৰ নতুবা চৰকাৰৰ সংস্থাই পেগাছাছ ব্যৱহাৰ কৰিছে নে নাই৷ তদুপৰি জ্যেষ্ঠ অধিবক্তা ছিবালে কয় যে যদি কেন্দ্রীয় চৰকাৰে শপতনামাযোগে বিতংকৈ পেগাছাছ ব্যৱহাৰ কৰা নাই বুলি প্রকাশ নকৰে, তেতিয়াহ’লে এই বিষয়টো অতি গম্ভীৰ৷
মন কৰিবলগীয়া যে বিচাৰপীঠৰ সন্মুখত কেন্দ্রীয় চৰকাৰৰ হৈ ছ’লিচিটৰ জেনেৰেল তুষাৰ মেহতাই যুক্তি প্রদর্শন কৰি কয় যে পেগাছাছৰ বিষয়টো ৰাষ্ট্রীয় নিৰাপত্তাৰ লগত জড়িত আৰু এই বিষয়টো অতি সংবেদনশীল৷