নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰাইৰ দৰে বাঁহ সাজি থকা গাঁৱখন

ডাঙৰ মহল অথবা অট্টালিকা সকলোৱে নিৰ্মাণ কৰিব নোৱাৰে। কিন্তু, সৰুকৈ হ’লেও ঘৰ এটা বনোৱাৰ হাবিয়াস প্ৰায় সকলোৰে থাকে। আজি এনে এটা সম্প্ৰদায়ৰ কথা ক’বলৈ ওলাইছোঁ যিয়ে থাকে চৰাইৰ দৰে বাঁহ সাজি। ইৰাণৰ কন্দোবন নামৰ গাঁৱখনত যোৱা ৭০০ বছৰ ধৰি চৰাইৰ বাঁহৰ দৰে ঘৰ সাজি আছে লোকসকলে। এনেকৈ থকাৰ অৱশ্যে এক বিশেষ কাৰণো আছে। দৰাচলতে, মোগল আক্ৰমণৰ সময়ত এই স্থানৰ লোকসকলে বাচিবলৈ পাহাৰলৈ গুচি গৈছিল আৰু তাত এনেদৰে বাঁহ সাজি আছিল। সময়ৰ সৈতে এই ঘৰবোৰত তেওঁলোকে থাকিবলৈ ল’লে আৰু এতিয়াও এইদৰে বাঁহ সাজিয়ে থাকি গ’ল। এই ঘৰবোৰ পৰিৱেশৰ অনুকূলকৈ তৈয়াৰ কৰা হৈছে। ঘৰবোৰ ঠাণ্ডাত গৰম হৈ থাকে আৰু গৰম দিনত ঠাণ্ডা হৈ থকা ধৰণৰ। দেখাত বেলেগ লাগিলেও থাকিবলৈ বৰ আৰামদায়ক এই ঘৰবোৰ।

You might also like