নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা সংক্ৰমণ হোৱাৰ আশংকা কম O+ লোকৰ

নিয়মীয়া বাৰ্তা ১১ জুনঃ সৰ্বত্ৰে এতিয়া ক’ৰোনাৰ আতংক। এতিয়ালৈকে ক’ৰোনাৰ কোনো ধৰণৰ ভেকচিনৰ আৱিস্কাৰ হোৱা নাই। কিন্তু তাৰ মাজতে শেহতীয়া অধ্যয়নৰ মাজতে এক খবৰে আপোনাক নিশ্চয় অলপ সাহস দিব।
২৩এণ্ড মি নামৰ গৱেষণা কৰা এটা প্ৰতিষ্ঠানে শেহতীয়াকৈ প্ৰকাশ কৰিছে যে অ’ পজিটিভ (O+) তেজৰ গ্ৰুপ থকা লোক সকলৰ ক’ৰোনা সংক্ৰমিত হোৱাৰ আশংকা ১৮ শতাংশ কম।
প্ৰতিষ্ঠানটোৱে অধ্যয়নৰ কাৰণে ৭,৫০,০০০ ৰ অধিক লোকৰ মাজত এই গৱেষণা কৰিছিল আৰু ১০০০০ এনে লোক আছিল যি ইতিমধ্য়েই ক’ৰোনাত সংক্ৰমিত হৈছিল।
এই গৱেষণাত এইটো প্ৰকাশ পাইছে অ’ পজিটিভ (O+) তেজৰ গ্ৰুপ থকা লোক সকলৰ অন্য তেজৰ গ্ৰুপৰ সংখ্যাৰ লোকতকৈ ১৮ শতাংশ ক’ৰোনা সংক্ৰমিত হোৱাৰ সম্ভাৱনা কম থাকে।
২৩এণ্ড মি নামৰ গৱেষণা প্ৰতিষ্ঠানটোত প্ৰকাশিত গৱেষণাৰ মতে অ’ পজিটিভ (O+) তেজৰ গ্ৰুপৰ কেৱল ১.৩ শতাংশ লোকৰহে ক’ৰোনাত আক্ৰান্ত হৈছিল।
আনহাতে আন এক সমীক্ষাত ১.৪ শতাংশ লোকৰ অ’ পজিটিভ (O+) আৰু ১.৫ শতাংশ লোকৰ বি পজিটিভ(B+) আৰু এবি পজিটিভ(AB+) লোক ক’ৰোনাত আক্ৰান্ত হৈছিল।
আনহাতে যি সকল লোক অ’ পজিটিভ (O+) লগতে স্বাস্থ্য কৰ্মী সকল যি ক’ৰোনা যুঁজত ব্যস্ত আছে তেওঁলোকৰ ১৩ পৰা ২৬ শতাংশ সংক্ৰমিত হোৱাৰ আশংকা কম।
এতিয়াও এই গৱেষণা চলি আছে আৰু কিয় অ’ পজিটিভ (O+) তেজৰ গ্ৰুপৰ লোক অন্য তেজৰ গ্ৰুপৰ তুলনাত ক’ৰোনাত কমকৈ সংক্ৰমিত হয়।
সমীক্ষাত এইটো প্ৰকাশ পাইছে যে অ’ পজিটিভ(O+) তেজ গ্ৰুপ থকা লোক ক’ৰোনাত সংক্ৰমিত হোৱাৰ আশংকা কম।

You might also like