দেশত ৩–৯ লাখ সংস্থাপন সৃষ্টিৰ লক্ষ্য কেন্দ্রৰ
উৎপাদন জড়িত উদ্দীপনা আঁচনি সন্দর্ভত কেন্দ্রীয় মন্ত্রী ৰবিশংকৰ প্রসাদ
নিয়মীয়া বাৰ্তা ২ আগষ্টঃ মহামাৰী ক’ৰোনা ভাইৰাছে সংস্থাপনৰ ক্ষেত্রত জটিলতা সৃষ্টি কৰাৰ সময়তে কেন্দ্রীয় চৰকাৰে ৩ৰ পৰা ৯ লাখ সংস্থাপন সৃষ্টিৰ লক্ষ্য লৈছে৷ কেন্দ্রীয় তথ্য প্রযুক্তি মন্ত্রী ৰবিশংকৰ প্রসাদে আজি চৰকাৰে মুকলি কৰা উৎপাদন জড়িত উদ্দীপনা আঁচনি (পিএলআই)ৰ জৰিয়তে দেশত প্রত্যক্ষভাৱে তিনি লাখ আৰু পৰোক্ষভাৱে ৯ লাখ সংস্থাপন সৃষ্টি কৰিব বুলি ঘোষণা কৰিছে৷ চৰকাৰৰ পিএলআই আঁচনিৰ জৰিয়তে ম’বাইল আৰু ইলেক্ট্রনিকছ খণ্ডটো উজ্জীৱিত হ’ব বুলি ব্যক্ত কৰে৷ এই আঁচনিক লৈ ইতিমধ্যে দেশীয় আৰু বিদেশী কোম্পানীসমূহে আগ্রহ প্রকাশ কৰিছে৷ এই লৈ ২২খনতকৈ অধিক আবেদন লাভ কৰিছে আৰু ৪০টা কোম্পানীয়ে আগ্রহ দেখুৱাইছে৷ এই কোম্পানীসমূহে দেশত ম’বাইল ফোন আৰু ইয়াৰ সামগ্রী উৎপাদন কৰিব, যাৰ মূল্য ১১.৫ লাখ কোটি হ’ব৷ পৰৱর্তী ৫ বছৰৰ ভিতৰত চৰকাৰে এই লক্ষ্যত উপনীত হোৱাৰ আশা ব্যক্ত কৰি মন্ত্রীগৰাকীয়ে কয় যে এনে সামগ্রী বিদেশলৈ ৰপ্তানি কৰা হ’ব আৰু এই ৰপ্তানিৰ মূল্য হ’ব ৭ লাখ কোটি টকা৷ দেশত কোম্পানীসমূহে উৎপাদন আৰম্ভ কৰাৰ লগে লগে তিনি লাখ সংস্থাপন প্রত্যক্ষভাৱে সৃষ্টি হ’ব আৰু পৰোক্ষভাৱে ইয়াৰ বাবে ৯ লাখ সংস্থাপন সৃষ্টি হ’ব৷ এই আঁচনিক লৈ কেন্দ্রীয় চৰকাৰ ইতিবাচক আৰু কোনো দেশৰ বিৰুদ্ধে নহয় বুলি উল্লেখ কৰি মন্ত্রীগৰাকীয়ে কয় যে সঠিক নীতি আৰু নিয়মৰ দ্বাৰা দেশৰ নিৰাপত্তা সুনিশ্চিত কৰি কোম্পানীসমূহক আগস্থান দিয়া হ’ব৷