নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আতংকৰ অন্য নাম পিটবুল! জাৰি কৰা হৈছে এই জাতৰ কুকুৰ ৰখাৰ ক্ষেত্ৰত নিষেধাজ্ঞা

নিয়মীয়া বাৰ্তা, ১৬ অক্টোবৰঃ শেহতীয়াকৈ গাজিয়াবাদত পিটবুল (Pitbull) জাতৰ কুকুৰৰ হিংসাত্মক ঘটনা বৃদ্ধি পাইছে। ফলত সৃষ্টি হৈছে আতংকৰ। অৱশেষত উত্তৰ প্ৰদেশ প্ৰশাসনে এই পিট বুলকে ধৰি তিনিটা জাতৰ কুকুৰ নিষিদ্ধ কৰাৰ সিদ্ধান্ত লয়। নিষিদ্ধ হোৱা আন জাতবোৰ হ’ল ৰটৱেইলাৰ আৰু ড’গো আৰ্জেণ্টিনো। বিজেপিৰ এগৰাকী কাউন্সিলাৰে এই প্ৰস্তাৱ আগবঢ়াইছিল। সেই প্ৰস্তাৱক সেউজ সংকেত দিলে গাজিয়াবাদৰ মেয়ৰ আশা শৰ্মাই। তাৰ সমান্তৰালকৈ প্ৰশাসনে পোহনীয়া জন্তুৰ মালিকৰ বাবেও আনিছে নতুন আইন।

বিগত কিছুদিন ধৰি গাজিয়াবাদত পিট বুলৰ আক্ৰমণৰ ঘটনা ক্ৰমাগতভাৱে সংঘটিত হৈ আহিছে। শেহতীয়াকৈ এগৰাকী ১১ বছৰীয়া কিশোৰীৰ ভৰিত পিট বুলে কামুৰিছিল। ইয়াৰ পূৰ্বে আন এটা পিট বুলে ১০ বছৰীয়া ল’ৰা এটাক আক্ৰমণ কৰি মুখ আৰু নাকত কামুৰিছিল। ল’ৰাজনৰ মুখ আৰু নাকত ১৫০ টা চিলাই পৰিছিল। অৱশেষত সেই জাতৰ কুকুৰটো নিষিদ্ধ কৰা হ’ল।

You might also like