নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেজৰিৱালৰ দাবী : প্লাজমা থেৰাপীৰে দিল্লীত সুস্থ ২ ক’ৰোনা আক্রান্ত

নিয়মীয়া বাৰ্তা, ২৫ এপ্ৰিলঃ ক’ভিড–১৯ ভাইৰাছৰ এতিয়ালৈকে কোনো ভেকচিন আৱিষ্কাৰ হোৱা নাই যদিও বিশ্বৰ চিকিৎসা বিজ্ঞানীসকলে বিকল্প পদ্ধতিৰে ক’ৰোনা আক্রান্ত লোকৰ আৰোগ্যৰ পথ বিচাৰিছে ৷ ইয়াৰ ভিতৰত প্লাজমা থেৰাপী যথেষ্ট সফল হিচাপে বিবেচিত হৈছে ৷ ভাৰততো দেশৰ ৰাজধানী দিল্লীত পৰীক্ষামূলকভাৱে প্লাজমা থেৰাপী প্রয়োগ কৰি চিকিৎসকে দুজন লোকক সুস্থ কৰি তোলা বুলি দাবী কৰিছে মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালে ৷ তেওঁ কয় যে দিল্লীত ৪জন ক’ৰোনা আক্রান্ত লোকৰ ওপৰত প্লাজমা থেৰাপী প্রয়োগৰ ফলাফল উৎসাহজনক৷ পৰৱর্তী সময়তো আন কেইবাজনো ৰোগীৰ শৰীৰত এই থেৰাপী প্রয়োগ কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে ৷

ইফালে, ‘ইনষ্টিটিউট অৱ লিভাৰ অ’ল্ড বিলিয়াৰী ছায়েন্স’ৰ শীর্ষস্থানীয় চিকিৎসকে সংবাদ মেলত কয়– ‘যোৱা কেইটামান দিনত আমি জয়প্রকাশ নাৰায়ণ হাস্পতালত ৪জন ৰোগীৰ ওপৰত প্লাজমা থেৰাপী প্রয়োগ কৰিছোঁ৷ এইপর্যন্ত ফলাফল উৎসাহজনক৷ অৱশ্যে এই কথা ভবা উচিত নহ’ব যে আমি ক’ৰোনা ভাইৰাছৰ চিকিৎসা লাভ কৰিছোঁ ৷ আপাতত আমি একোটা আশাৰ ৰেঙনি দেখিছোঁ৷’ চিকিৎসককেইজনে সংবাদ মেলত জানিবলৈ দিয়ে যে এই চাৰিজন ৰোগীৰ মাজৰ পৰা দুজনক ৰিলিজ দিয়া হ’ব৷ তেওঁলোকৰ এজনৰ অৱস্থা অত্যন্ত সংকটজনক আছিল বুলিও জানিবলৈ দিয়ে৷ তেওঁক ভেণ্টিলেচনত ৰখা হৈছিল ৷

‘ইনষ্টিটিউট অৱ লিভাৰ অ’ল্ড বিলিয়াৰী ছায়েন্স’ৰ সঞ্চালক এছ কে ছাৰিনে কয়– ‘পৰীক্ষামূলক প্রয়োগৰ ফলাফলত আমি সুখী৷ আৰু দুই–তিনিজন ৰোগীৰ ওপৰত এই প্লাজমা থেৰাপী প্রয়োগৰ বাবে তেজ আৰু প্লাজমা তৈয়াৰ হৈছে৷’ ইফালে, দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালে জানিবলৈ দিয়া মতে, মুঠ ১০জন লোকৰ ওপৰত এই প্লাজমা থেৰাপী প্রয়োগ কৰা হ’ব৷ পৰীক্ষামূলক প্রয়োগ সফল হ’লে দেশৰ চিকিৎসা ক্ষেত্রত ব্যাপক হাৰত এই থেৰাপী প্রয়োগৰ বাবে কেন্দ্রৰ অনুমতি বিচৰা হ’ব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্রীজনে ৷

You might also like