নিয়মীয়া বাৰ্তা, ২১ এপ্ৰিলঃ ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰসৃষ্ট পৰিস্থিতি অধিক জটিল হোৱাৰ সময়তে দেশবাসীক সম্বোধন কৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ ক’ভিডসৃষ্ট পৰিস্থিতিক বৃহৎ প্রত্যাহ্বান আখ্যা দি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কয়– ক’ভিড–১৯ৰ বিৰুদ্ধে দেশে আজি এখন ডাঙৰ যুঁজত অৱতীর্ণ হৈছে৷ পৰিস্থিতি কিছু সময়ৰ বাবে উন্নত হৈছিল কিন্তু দ্বিতীয় জোৱাৰ ধুমুহাৰ দৰে আহিছে৷
মহামাৰী ক’ৰোনা ভাইৰাছত আক্রান্ত হৈ আপোনজনক হেৰুওৱা পৰিয়ালৰ সৈতে সমভাগী হৈ প্রধানমন্ত্রী মোদীয়ে কয়– ক’ভিড–১৯ত যিসকলে প্রাণ হেৰুৱাইছে মই তেওঁলোকক লৈ শোক প্রকাশ কৰিছোঁ৷ আপোনালোকৰ পৰিয়ালৰ এজন সদস্য হৈ এই দুখৰ সময়ত মই আপোনালোকৰ লগত আছোঁ৷ এই যুদ্ধ দীঘলীয়া আৰু জটিল৷ কিন্তু আমি উছর্গিত মনোভাব আৰু সাহসেৰে ঐক্যবদ্ধভাৱে ইয়াক অতিক্রম কৰিব লাগিব৷ মহামাৰীৰ সময়ত নিজৰ জীৱন তুচ্ছ কৰি সেৱা আগবঢ়োৱা সকলো চিকিৎসক–চিকিৎসা কর্মী, পেৰামেডিকেল কর্মী, এম্বুলেঞ্চ চালক, নিৰাপত্তা বাহিনী আৰু আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰি প্রধানমন্ত্রী মোদীয়ে কয়– আনৰ জীৱন বচাবলৈ আপোনালোক সকলোৱে নিজৰ জীৱনক বাজি লগাইছে৷ বিগত কেইটামান দিনত গ্রহণ কৰা পদক্ষেপে পৰিস্থিতি দ্রুতগতিত উন্নীত কৰাত সহায় কৰা বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে চিকিৎসাজনিত অক্সিজেনৰ অভাৱ হৈছে৷ মহামাৰীৰ সময়ছোৱাত দেশৰ বিভিন্ন প্রান্তত এই অক্সিজেনৰ চাহিদা বৃদ্ধি পাইছে৷ আমি এইক্ষেত্রত কাম কৰি আছোঁ৷ কেন্দ্র, ৰাজ্য চৰকাৰ আৰু ব্যক্তিগত খণ্ড সকলোৰে প্রতিজন ব্যক্তিক সময়ত অক্সিজেন যোগান ধৰাৰ নিশ্চিতি দিছোঁ৷ বর্তমান অক্সিজেনৰ উৎপাদন বৃদ্ধি কৰা হৈছে আৰু ইয়াক যথাস্থানত যোগান ধৰা হৈছে৷ ক’ভিড–১৯ৰ জটিল পৰিস্থিতিৰ সময়ত যাতে জীৱন বাচি থকাৰ লগতে জীৱিকাও বাচি থাকে তাক প্রাধান্য দি সিদ্ধান্তসমূহ গ্রহণ কৰি থকা হৈছে বুলি কয় মোদীয়ে৷
তদুপৰি মোদীয়ে কয়– দেশক লকডাউনৰ পৰা বচাবলৈ হ’লে সকলোৱে ক’ভিড–১৯ প্রট’কল মানি চলিব লাগিব৷ যুৱপ্রজন্মই এই সময়ছোৱাত সেৱাৰ মনোভাবেৰে আগবাঢ়ি আহিব লাগিব৷ নিজৰ অঞ্চলত সৰু সৰু কমিটী গঠন কৰি ক’ভিড সম্পর্কত সজাগতা সৃষ্টি কৰিব লাগিব, যাতে কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰিবলগীয়া নহয়৷ সান্ধ্য আইন, লকডাউনলৈ নগৈ দেশৰ প্রতিজন নাগৰিককে ক’ভিড–১৯ যুঁজখনক একেলগে আগবঢ়াই নি মহামাৰী ভাইৰাছটো প্রতিহত কৰিব লাগিব বুলিও কয় প্রধানমন্ত্রীগৰাকীয়ে৷
ইপিনে পৃথিৱীৰ সকলোতকৈ সস্তা ভেকচিন আমি উপলব্ধ কৰিছো বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয়– বিশ্বৰ বৃহত্তম ক’ভিড–১৯ টিকাকৰণ অভিযান দেশজুৰি চলি আছে৷ প্রথম পর্যায়ত স্বাস্থ্যকর্মী, অগ্রণী যোদ্ধা আৰু ৬০ ঊর্ধ্বৰ লোকক ভেকচিন প্রদান কৰাৰ লগতে দ্বিতীয় পর্যায়ত ৪৫ ঊর্ধ্বৰ সকলো লোককে ভেকচিন প্রদান অব্যাহত আছে৷ ইপিনে, তৃতীয় পর্যায়ত ১৮ বছৰৰ ঊর্ধ্বৰ সকলো লোককে ভেকচিন প্রদান কৰা হ’ব বুলি কয় প্রধানমন্ত্রীগৰাকীয়্৷ প্রায় ১২ কোটিতকৈ অধিক লোকক ভেকচিন প্রদানেৰে টিকাকৰণৰ ক্ষেত্রত দেশখন বিশ্বৰ সকলোতকৈ আগত আছে বুলি কৈ প্রধানমন্ত্রীগৰাকীয়্ কয় যে ভেকচিন প্রদান অভিযানৰ সমান্তৰালকৈ অর্থনৈতিক কাম–কাজো চলি থাকিব৷ শীঘ্রেই সকলো শ্রমিক শ্রেণীক ভেকচিন অভিযানত সাঙুৰি লোৱা হ’ব৷ বিনামূলীয়া ভেকচিন চৰকাৰী হাস্পতালত প্রদান চলি থাকিব৷ বিশ্বৰ ভিতৰতে ঔষধৰ দাম কম বুলি উল্লেখ কৰি প্রধানমন্ত্রীগৰাকীয়ে ক’ভিড–১৯ যুঁজত ভাৰতে চমকপ্রদ সফলতা লাভ কৰিছে বুলি দেশবাসীক অৱগত কৰে৷ প্রয়োজনীয়তাৰ প্রতি লক্ষ্য ৰাখি বিশাল ক’ভিড হাস্পতালো নির্মাণ কৰা হৈছে বুলি প্রধানমন্ত্রীগৰাকীয়ে কয়৷
লক্ষণীয় যে লকডাউন অবিহনে ক’ভিড–১৯ৰ বিৰুদ্ধে যুঁজিবলৈ দেশবাসীক ক’ভিড অনুশাসন যুঁজৰ মহামন্ত্র হ’ব লাগে বুলি কয় প্রধানমন্ত্রীগৰাকীয়ে৷ দেশবাসীৰ ধৈর্য, সাহস আৰু একাগ্রতাৰ জৰিয়তে ক’ভিড–১৯ৰ বিৰুদ্ধে জয়ী হ’ব বুলি বিশ্বাস কৰে প্রধানমন্ত্রী মোদীয়ে৷মন কৰিবলগীয়া যে ৰাজ্যসমূহৰ কাৰণে শেষ পন্থা লকডাউন যদিও সকলোৱে সাৱধান হৈ থাকিলে এনে পর্যায় আহি নপৰে বুলি কয় প্রধানমন্ত্রীগৰাকীয়ে৷