নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রাণায়ামে ক’ভিড–১৯ৰ বিৰুদ্ধে বৃদ্ধি কৰিছে শৰীৰৰ প্রতিৰোধী ক্ষমতা

নিয়মীয়া বাৰ্তা, ২২ জুনঃ আন্তর্জাতিক যোগ দিৱসত দেওবাৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দেশবাসীক সম্বোধি দিয়া ভাষণত উল্লেখ কৰে যে প্রাণায়ামে ক’ৰোনা ভাইৰাছ বা ক’ভিড–১৯ প্রতিৰোধৰ ক্ষেত্রত শাৰীৰিক সক্ষমতা বৃদ্ধি কৰিব পাৰে৷ উল্লেখনীয় যে যোগসাধনাৰ এক অন্যতম ভাগ হৈছে প্রাণায়াম৷ ষষ্ঠটো আন্তর্জাতিক যোগ দিৱসত প্রধানমন্ত্রীগৰাকীয়ে এই মন্তব্য কৰে যে দেশৰ জনসাধাৰণে ঘৰতেই যোগসাধনা কৰি আছে৷

যোগৰ জৰিয়তে জনসাধাৰণে লাভ কৰিছে একতা৷ বিশ্বক সংহতি প্রদান কৰিছে এই যোগে৷ ক’ৰোনা ভাইৰাছ মহামাৰীৰ বিৰুদ্ধে যুঁজত আজি যোগেই বহু লোকক সহায় কৰিছে বুলিও মোদীয়ে যোগসাধনাৰ গুৰুত্বৰ ওপৰত মন্তব্য আগবঢ়ায়৷ উল্লেখনীয় যে শ্বাস–প্রশ্বাসত থকা অসুস্থতাক দূৰ কৰিবলৈ যোগৰ প্রাণায়াম অনুশীলনে মানুহক বিশেষভাৱে সহায় কৰা বুলি প্রধানমন্ত্রীগৰাকীয়্ দেশবাসীক সম্বোধি দিয়া ভাষণত উল্লেখ কৰিছে৷ নিজ ভাষণত প্রধানমন্ত্রী মোদীয়ে সুস্বাস্থ্য অটুট ৰখাৰ ক্ষেত্রত যোগৰ গুৰুত্ব অপৰিসীম বুলি উল্লেখ কৰি একতা আৰু ভাতৃত্ববোধৰ আদর্শক এই যোগেই বহন কৰিছে বুলিও মন্তব্য আগবঢ়ায়৷ কোনো জাতি–বর্ণ–লিংগ যোগৰ সৈতে সম্পর্ক নাই বুলি মন্তব্য কৰি প্রধানমন্ত্রীগৰাকীয়ে যোগ বৈষম্যৰ ঊর্ধ্বত বুলিও অভিহিত কৰে৷

ইফালে, সমগ্র বিশ্বই আজি ক’ৰোনা ভাইৰাছ মহামাৰীৰ বাবেই যোগৰ গুৰুত্বক উপলব্ধি কৰাৰ প্রসংগটো উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে যদি মানুহৰ ৰোগ প্রতিৰোধী ক্ষমতা থাকে, তেন্তে যিকোনো মহামাৰীৰ বিৰুদ্ধে যুঁজ দিয়াটো সম্ভৱ৷ যোগে শৰীৰৰ প্রতিৰোধী শক্তিক এক নতুন প্রাণ দিয়া বুলিও মোদীয়ে উল্লেখ কৰিছে৷ ক’ৰোনা ভাইৰাছে মানুহৰ শ্বাস–প্রশ্বাস ব্যৱস্থাটোক আক্রমণ কৰাৰ সময়ত প্রাণায়াম হৈ পৰিছে ইয়াৰ সংক্রমণ প্রতিৰোধত মূল শক্তি৷ লক্ষণীয়ভাৱে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহেও ছ’চিয়েল মিডিয়া টুইটাৰযোগে যোগৰ জৰিয়তে মন আৰু শৰীৰৰ মাজত ঐক্য স্থাপন কৰাটো সম্ভৱ বুলি দেওবাৰে উল্লেখ কৰিছে৷ একে সময়তে মানুহ আৰু প্রকৃতিৰ মাজত সু–সম্পর্ক এই যোগেই গঢ়ি তোলে বুলি যুক্তি দর্শায় শ্বাহে৷ বিশ্বজুৰি যোগক দেওবাৰে গ্রহণযোগ্যতা আনি দিয়াৰ ক্ষেত্রত প্রধানমন্ত্রী মোদীৰ প্রচেষ্টাৰো শলাগ লয় শ্বাহে৷

You might also like