নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সন্ত্রাসবাদক সমর্থন কৰা দেশে কৈফিয়ৎ দিব লাগিব

নিয়মীয়া বাৰ্তা, ১৮ নৱেম্বৰঃ সন্ত্রাসবাদ সমস্যাটোক পুনৰবাৰ উপস্থাপন কৰাৰ লগতে সাম্প্রতিক বিষয় ক’ভিড–১৯ ভেকচিন আৰু আত্মনির্ভৰ ভাৰত প্রসংগত ব্যাখ্যা আগবঢ়ালে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ ক’ভিড–১৯ সৃষ্ট পৰিস্থিতিৰ বাবে ভার্চুৱেলযোগে অনুষ্ঠিত ব্রিকছ সন্মিলন সম্বোধন কৰি প্রধানমন্ত্রী মোদীয়ে বিশ্বজুৰি সন্ত্রাসবাদৰ ভয়াৱহতা সন্দর্ভত মন্তব্য কৰে৷ লাডাখৰ এলএচিত চীন–ভাৰতৰ মাজত উত্তেজনা চলি থকাৰ মাজতে দ্বিতীয়বাৰৰ বাবে চীনৰ ৰাষ্ট্রপতি ঝি জিনপিঙৰ সৈতে ভার্চুৱেল বৈঠকত মুখামুখি হোৱা প্রধানমন্ত্রী মোদীয়ে সন্ত্রাসবাদক লৈ দুমুখীয়া নীতি গ্রহণ কৰা পাকিস্তানক নাম নোলোৱাকৈ কঠোৰ ভাষাৰে সমালোচনা কৰে৷

পাকিস্তানৰ বিশ্বস্ত চীনৰ ৰাষ্ট্রপতিগৰাকীৰ সন্মুখতে প্রধানমন্ত্রী মোদীয়ে কয়– বিশ্বৰ বৃহত্তম সমস্যা সন্ত্রাসবাদ৷ সন্ত্রাসবাদীক আশ্রয় দিয়া আৰু সমর্থন কৰা দেশক জগৰীয়া কৰাটো আমি নিশ্চিত কৰিব লাগে৷ ব্রিকছৰ লক্ষ্য–আদর্শক উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয়– ২০২১ বর্ষত ব্রিকছে ১৫ বছৰ সম্পূর্ণ কৰিব৷ বিগত বর্ষসমূহত আমাৰ সদস্য দেশসমূহৰ শ্বেৰপাই বিভিন্ন দিশৰ সিদ্ধান্তক লৈ প্রতিবেদন মূল্যাংকন কৰিব পাৰে৷

আনপিনে, সময়ৰ সৈতে ৰূপান্তৰিত নোহোৱাৰ বাবে আন্তঃৰাষ্ট্রীয় তথা গোলকীয় সংস্থাসমূহক লৈ প্রশ্ন উত্থাপন হৈছে বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয়– ইউ এন এছ চি (ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদ), আই এম এফ (আন্তর্জাতিক মুদ্রা নিধি), ডব্লিউ টি অ’ (বিশ্ব বাণিজ্য সংস্থা) আৰু ডব্লিউ এইচ অ’ (বিশ্ব স্বাস্থ্য সংস্থা)ৰ সংস্কাৰৰ অতিকে প্রয়োজন৷ ইপিনে, ২০২০ বর্ষত প্রাদুর্ভাৱ ঘটা মহামাৰী ক’ভিড–১৯ৰ ভেকচিনক লৈ প্রধানমন্ত্রী মোদীয়ে কয় যে মহামাৰীৰ সময়ত বিশ্বক সাহায্য কৰিবলৈ ভাৰতৰ ভেকচিন উৎপাদন আৰু বিতৰণ ক্ষমতাই সহায় কৰিব৷ তদুপৰি প্রধানমন্ত্রী মোদীয়ে আত্মনির্ভৰ ভাৰতক লৈও মন্তব্য আগবঢ়ায়৷ ব্রিকছৰ নেতৃত্বৰ সময়তে ভাৰতে ডিজিটেল স্বাস্থ্য আৰু পৰম্পৰাগত ঔষধ ব্রিকছ দেশসমূহত প্রসাৰণ ঘটাব বুলি কয় প্রধানমন্ত্রীগৰাকীয়ে৷ ৰাছিয়াৰ নেতৃত্বক প্রশংসা কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে ভাৰতে জনতাৰ পৰা জনতালৈ সম্পর্ক উন্নীত কৰাৰ ক্ষেত্রত বিভিন্ন পদক্ষেপ গ্রহণ কৰিছে৷

ইয়াৰ ভিতৰত ব্রিকছ চলচ্চিত্র মহোৎসৱ, যুৱ বিজ্ঞানীৰ বৈঠক আদি অন্যতম৷ ‘গোলকীয় সুস্থিৰতা, সুৰক্ষা বিনিময় আৰু উদ্ভাৱিত বিকাশ’ শীর্ষক বিষয়ক লৈ আয়োজিত ব্রিকছ সন্মিলনত ৰাছিয়াৰ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনৰ আমন্ত্রণক্রমে প্রধানমন্ত্রী মোদীয়ে এই সন্মিলনখন সম্বোধন কৰে৷ ব্রিকছ দেশকেইখন হৈছে ব্রাজিল, ৰাছিয়া, ভাৰত, চীন আৰু দক্ষিণ আফ্রিকা৷

উল্লেখ্য যে ব্রিকছ সন্মিলনৰ পূর্বে চাংহাই কো–পাৰেচন অর্গেনাইজেচন (এছ চি অ’)ৰ বৈঠকত প্রধানমন্ত্রী মোদীয়ে চীনৰ ৰাষ্ট্রপতি জিনপিঙৰ সন্মুখতে সীমান্ত সুৰক্ষাৰ ক্ষেত্রত ভাৰতে কেতিয়াও আপোচ নকৰে বুলি চীন আৰু পাকিস্তানক সকীয়নি দিছিল৷

You might also like