ভেকচিন অপচয় নকৰা কেৰালাক প্রশংসা মোদীৰ
নিয়মীয়া বাৰ্তা ৬ মেঃ ক’ভিড–১৯ ভেকচিনৰ অপচয় হ্রাস কৰাৰ বাবে কেৰালা চৰকাৰক ভূয়সী প্রশংসা প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ৷ কেৰালাৰ মুখ্যমন্ত্রী পিনাৰায়ি বিজয়নে ৰাজ্যখনত ভেকচিনৰ অপচয় সন্দর্ভত তথ্য টুইটযোগে প্রচাৰ কৰাৰ পিছত প্রধানমন্ত্রী মোদীয়ে টুইটযোগে চৰকাৰখনক প্রশংসা কৰে৷
প্রধানমন্ত্রীগৰাকীয়ে টুইটত কয় যে ভেকচিনৰ অপচয় ৰোধে ক’ভিড–১৯ যুঁজখনক শক্তিশালীকৰণত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিব৷ প্রধানমন্ত্রীগৰাকীয়্ টুইটত কয়– দেখি ভাল লাগিছে যে আমাৰ স্বাস্থ্যসেৱাৰ কর্মী আৰু নার্ছে ভেকচিনৰ অপচয় হ্রাস কৰি এক উদাহৰণ দাঙি ধৰিছে৷ ভেকচিনৰ অপচয় হ্রাস কৰাটো ক’ভিড যুঁজক শক্তিশালীকৰণৰ এক গুৰুত্বপূর্ণ অংশ৷
উল্লেখ্য যে কেন্দ্রীয় চৰকাৰৰ পৰা ক’ভিড–১৯ ভেকচিনৰ ৭৩,৩৮,৮০৬ ড’জ কেৰালা চৰকাৰে লাভ কৰিছে৷ মুখ্যমন্ত্রী পিনাৰায়ি বিজয়নে এই কথা টুইটত উল্লেখ কৰি প্রতিটো ভায়েলৰ পৰা অতিৰিক্ত ড’জ ব্যৱহাৰ কৰি ৰাজ্যখনক ৭৪,২৬,১৬৪ ড’জ প্রদান কৰিবলৈ সক্ষম হৈছে৷ মুখ্যমন্ত্রীগৰাকীয়ে এই কথাও উল্লেখ কৰিছিল যে ৰাজ্যখনৰ স্বাস্থ্যকর্মী বিশেষকৈ নার্ছসকল অতি দক্ষ আৰু হূদয়েৰে প্রশংসাৰ বাবে যোগ্য৷