নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রধানমন্ত্রীৰ ব্যক্তিগত ৱেবচাইটৰ টুইটাৰ হেণ্ডেল হেক, ভাইৰেল কিছু অবাঞ্ছিত টুইট…

নিয়মীয়া বাৰ্তা ৩ ছেপ্টেম্বৰঃ হেক হ’ল প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ব্যক্তিগত ৱেবচাইট আৰু মোবাইল এপৰ টুইটাৰ একাউণ্ট। বৃহস্পতিবাৰে নিশা প্রধানমন্ত্রীৰ টুইটাৰ হেণ্ডেলৰ পৰা বহুকেইটা টুইট কৰা হয়, যাৰপাছতেই বিষয়টো পোহৰলৈ আহে। প্রধানমন্ত্রীৰ ব্যক্তিগত ৱেবচাইটৰ সৈতে যুক্ত এই টুইটাৰ হেণ্ডেলটোৰ নাম ‘প্রধানমন্ত্রী_ইন।’ ২০১১ চনত খোলা এই টুইটাৰ হেণ্ডেলত আছে প্রায় ২৫ লক্ষাধিক ফ’লোৱাৰ।

ইপিনে হেক হোৱা ঘটনা স্বীকাৰ কৰিছে টুইটাৰ কর্তৃপক্ষই। একাউন্ট সুৰক্ষিত কৰাৰ বাবে প্রয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলিও জনাইছে কর্তৃপক্ষই।

You might also like