নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাৰ বিৰুদ্ধে দেশীয়ভাৱে ভেকচিন বিকশিত কৰা বিজ্ঞানীক লৈ দেশ গৌৰৱান্বিত

নিয়মীয়া বাৰ্তা ৫ জুনঃ ক’ভিড–১৯ৰ বিৰুদ্ধে যুঁজখনত এবছৰৰ ভিতৰতে দেশীয়ভাৱে অর্থাৎ মেড ইন ইণ্ডিয়া ভেকচিন বিকশিত কৰা বিজ্ঞানীসকলক লৈ দেশ গৌৰৱান্বিত৷ এই মন্তব্য প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ৷ ভিডি’ কনফাৰেঞ্চিংযোগে আজি কাউন্সিল অৱ ছায়েণ্টিফিক এণ্ড ইণ্ডাষ্ট্রিয়েল ৰিছার্চ (চিএছআইআৰ)ৰ বৈঠক সম্বোধন কৰি প্রধানমন্ত্রী মোদীয়ে এই মন্তব্যৰে বিজ্ঞানীসকলক ভূয়সী প্রশংসা কৰে৷ বিগত শতিকাত ভেকচিনৰ বাবে বছৰ বছৰ ধৰি অপেক্ষা কৰাৰ লগতে বিদেশী ৰাষ্ট্রৰ ওপৰত নির্ভৰশীল হৈ থকাৰ প্রসংগৰে প্রধানমন্ত্রী মোদীয়ে কয় যে আজি দেশৰ বিজ্ঞানীসকলে বিদেশী ৰাষ্ট্রৰ বিজ্ঞানীৰ সৈতে প্রতিযোগিতাত অৱতীর্ণ হ’বলৈ সক্ষম হৈছে৷

দেশৰ বিজ্ঞানীসকলে কান্ধত কান্ধ মিলাই কঠোৰ পৰিশ্রমেৰে উদ্ভাৱন কৰিবলৈ সক্ষম হৈছে৷ তদুপৰি মোদীয়ে কয়– ‘জ্যোতির্বিজ্ঞানৰ পৰা কৃষি খণ্ডলৈ, দুর্যোগ ব্যৱস্থাপনাৰ পৰা প্রতিৰক্ষা প্রযুক্তিলৈ, ভেকচিনৰ পৰা ভার্চুৱেল ৰিয়েলিটীলৈ আত্মনির্ভৰ আৰু শক্তিশালী ভাৰত গঢ়াৰ বাবে বিজ্ঞানীসকলে গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছে৷ ভাৰতে এতিয়া বিশ্বৰ বহনক্ষম বিকাশ আৰু পৰিচ্ছন্ন শক্তিক নেতৃত্ব দি আছে৷ বিজ্ঞানীসকলক ভূয়সী প্রশংসা কৰি প্রধানমন্ত্রীগৰাকীয়্ আত্মনির্ভৰ ভাৰত আৰু শক্তিশালী ভাৰত গঢ়াৰ ক্ষেত্রত দেশবাসীয়ে আগবাঢ়ি আহিব লাগে বুলি মন্তব্য কৰে৷

You might also like