নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘এক দেশ এক ৰেছন কাৰ্ড’

নিয়মীয়া বাৰ্তা, ৩০ জুনঃ  দেশত ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পাইছে। দেশজুৰি আৰম্ভ হোৱা আনলক-১.০ অন্ত পৰাৰ পাছত আজি দেশবাসীত সম্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ কয় যে ১৩০কোটি জনতাৰ সুৰক্ষাৰ বাবে আমি সজাগতা বৃদ্ধি কৰিব লাগিব। দেশবাসীৰ মাজত সজাগতা কমি যোৱা পৰিলক্ষিত হৈছে।

এই সময়ছোৱাত যাতে কোনো দৰিদ্ৰ খালি পেটে যাতে শুব লগা নহয় তাৰ প্ৰতি লক্ষ্য দিব চৰাকাৰে। সেই উদ্দেশ্য দেশজুৰি প্ৰবৰ্তন হ’ব এক দেশ এক ৰেচন কাৰ্ড। লগতে নৱেম্বৰ মাহলৈকে ৮০ কোটি লোকে প্ৰতিমাহত ৫কেজিকৈ ঘেঁহু আৰু চাউল লাভ কৰিব। দৰিদ্ৰ লোকসকলৰ বাবে ৩১ হাজাৰ কোটি টকা মুকলি কৰি দিয়া হৈছে বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। 

You might also like