নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীৰ সাম্প্রদায়িক গোচৰত য়েছুৰি–যোগেন্দ্র যাদৱ–ৰাহুল ৰয় জড়িত

নিয়মীয়া বাৰ্তা, ১৩ ছেপ্টেম্বৰঃ দিল্লীৰ সাম্প্রদায়িক গোচৰ সন্দর্ভত দিল্লী আৰক্ষীয়ে দাখিল কৰা পৰিপূৰক অভিযোগনামাত ষড়যন্ত্রকাৰী হিচাপে চিপিএমৰ সাধাৰণ সম্পাদক সীতাৰাম য়েছুৰি, স্বৰাজ অভিযানৰ নেতা যোগেন্দ্র যাদৱ, অর্থনীতিবিদ জয়তী ঘোষ, দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপক অপূর্বনন্দ আৰু ডকুমেণ্টৰী নির্মাতা ৰাহুল ৰয়ৰ নাম সন্নিৱিষ্ট কৰা হৈছে৷

অভিযোগনামাত প্রকাশ পোৱা মতে উল্লিখিত বিশিষ্ট ব্যক্তিকেইজনে ‘কা’বিৰোধী আন্দোলন যিকোনো পৰিস্থিতিলৈ নিয়াৰ বাবে উদগনি যোগাইছিল৷

You might also like