নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাছাক পৰিধান নকৰাকৈ ব্রিটেইনৰ প্রধানমন্ত্রী হোৱাৰ সংকল্প ৰাজনীতি বিজ্ঞানৰ ছাত্রীৰ

নিয়মীয়া বাৰ্তা ১৯ অক্টোবৰঃ ব্রিটেইনৰ প্রধানমন্ত্রী হ’ব, কিন্তু পোছাক পৰিধান নকৰে৷ ৰাজনীতি বিজ্ঞানৰ এক ছাত্রীয়ে এই দাবীৰে এতিয়া ফেচবুক–টুইটাৰত জ্বৰ তুলিছে৷ নাম লৰা আর্মহার্ষ্ট৷ ৩১ বছৰীয়া লৰাই ৰাজনীতি বিজ্ঞান বিষয় লৈ ব্রিটেইনৰ এখন মহাবিদ্যালয়ত অধ্যয়ন কৰি আছে৷ সমান্তৰালভাৱে জলবায়ু পৰিৱর্তনৰ আন্দোলনৰ কর্মীও লৰা৷ জলবায়ু পৰিৱর্তনক লৈ ব্রিটেইনৰ প্রধানমন্ত্রী বৰিছ জনছনৰ নীতি বাস্তৱসন্মত নহয়৷ এনে গুৰুত্বপূর্ণ বিষয়ত প্রধানমন্ত্রীগৰাকীৰ্ অৱহেলাক লৈ ক্ষুণ্ণ লৰা৷ যুৱতীগৰাকীৰ যুক্তি হৈছে এই বিষয়ত যথেষ্ট ভাল কাম কৰিবলৈ সক্ষম হ’ব৷ গতিকে ব্রিটেইনৰ প্রধানমন্ত্রী হোৱাৰ সপোন দেখিছে লৰাই৷

লণ্ডনৰ বিভিন্ন পথত জনছনৰ জলবায়ু পৰিৱর্তন সম্পর্কীয় নীতিৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰি আহিছে এটি সন্তানৰ মাতৃ লৰাই৷ লৰাৰ বিক্ষোভৰ এটি বিশেষত্ব হৈছে সকলো সময়তে ঊর্ধ্বাংগ উন্মুক্ত কৰি ৰাখে৷ কেতিয়াবা পোষ্টাৰ আৰু কেতিয়াবা ষ্টিকাৰেৰে ঢ়াকি লয় শৰীৰ৷ সেই পোষ্টাৰত থাকে জলবায়ু পৰিৱর্তন সন্দর্ভত সতর্কবার্তা৷ লগতে প্রধানমন্ত্রী বৰিছ জনছনৰ পদত্যাগৰ দাবীও এই পোষ্টাৰবোৰত উত্থাপন কৰা হয়৷ এনেদৰে বিক্ষোভৰ মাজেৰে লৰা এতিয়া এক বৈপ্লৱিক চৰিত্রত পৰিণত হৈছে লণ্ডনত৷ আনকি টেলিভিছনৰ পর্দাতো লৰাক এই ৰূপত দেখিবলৈ পোৱা গৈছে৷ যদি সংকল্প গ্রহণ কৰা অনুসৰি ব্রিটেইনৰ প্রধানমন্ত্রী হ’বলৈ সক্ষম হয়, তেন্তে বিশ্বৰ প্রথমগৰাকী ‘টপলেছ’ বা ঊর্ধ্বাংগ আৱৰণমুক্ত প্রধানমন্ত্রী হ’ব লৰা৷

You might also like