ৰাজনৈতিক হিংসা শেষ নোহোৱালৈকে ক্ষান্ত নহওঁ
পশ্চিমবংগৰ মুখ্যমন্ত্রী বেনার্জীক হুংকাৰ বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাৰ
নিয়মীয়া বাৰ্তা ৬ মেঃ পশ্চিমবংগ বিধানসভা নির্বাচনোত্তৰ ৰাজনৈতিক হিংসাক দেশ বিভাজনৰ ভয়াৱহতাসদৃশ আখ্যাৰে ৯গৰাকী বিজেপি কর্মীৰ প্রাণহানি হোৱা ঘটনাত শাসকীয় তৃণমূল কংগ্রেছক কঠোৰ ভাষাৰে গৰিহণা দিছে বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাই৷ কালিৰে পৰা দুদিনীয়া ভ্রমণ সূচী লৈ ৰাজ্যখনত থকা বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাই প্রত্যক্ষভাৱে বংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীক নির্বাচনী হিংসাৰ বাবে সকীয়নি দিয়ে৷ দলীয় কর্মীক সম্বোধন কৰি নাড্ডাই কয়– আমি বংগৰ পৰা ৰাজনৈতিক হিংসা শেষ নকৰালৈকে পিছ হুঁহঁকি নাহোঁ৷ তৃণমূল কংগ্রেছ কর্মীয়ে আক্রমণ কৰাৰ পিছতো বিজেপি কর্মীসকলে যি ধৈর্য দেখুৱাইছে তাক প্রশংসা কৰি বিজেপিৰ ৰাষ্ট্রীয় সভাপতিগৰাকীয়ে কয় যে প্রাণ হেৰুওৱা কর্মীৰ বলিদানক অথলে যাবলৈ দিয়া নহ’ব৷
বিজেপিৰ সাংসদ আৰু কর্মীসকলে ৰাজ্যখনত গঠনমূলক বিৰোধীৰ ভূমিকা গ্রহণ কৰি শাসকীয় দলটোৱে হিংসা আৰু নিৰীহ মানুহৰ হত্যাৰ উচটনি দিয়াটোক উদঙাই দিবলৈ আহ্বান জনায় নাড্ডাই৷ বংগত চলি থকা ৰাজনৈতিক হিংসাৰ বিৰুদ্ধে ড০ বি আৰ আম্বেদকাৰে গঢ়া সাংবিধানিক মূল্যক সুৰক্ষিত কৰাৰ লগতে তেওঁলোকে ক্ষমতা নিশ্চিত কৰিব বুলিও কয় নাড্ডাই৷ নাড্ডাই কয়– যিসকলে আনৰ সুৰক্ষাৰ কথা কয় তেওঁলোকেই আনৰ ক্ষেত্রত হিংসাৰ বাবে জগৰীয়া৷ তেওঁলোকে শপত ল’ব পাৰে, গণতন্ত্রত সকলোৰে অধিকাৰ আছে৷ কিন্তু আমিও শপত ল’ব পাৰোঁ যে বংগৰ ৰাজনৈতিক হিংসা আঁতৰ কৰিম৷ জনাদেশক মানি লৈ বিৰোধীৰ দায়িত্ব সন্তুষ্টিৰে গ্রহণ কৰি বংগক লৈ যুঁজিম৷ ৰাজনৈতিক হিংসা তুষ্টিকৰণ আৰু নৈৰাজ্যবাদ বংগৰ পৰা শেষ নকৰালৈকে আমি আমাৰ দায়িত্বৰ পৰা পিছ হুঁহঁকি নাহোঁ বুলিও কয় নাড্ডাই৷