নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মনত পৰিছেনে হালধীয়া শাড়ী, আকৌ চৰ্চাত লাৱণ্যময়ী পোলিং বিষয়া

বিশেষ বাৰ্তা, ২৩ফেব্ৰুৱাৰীঃ এগৰাকী পোলিং বিষয়া, যিয়ে সৃষ্টি কৰিছে ইণ্টাৰনেট চাঞ্চল্য়ৰ। নাম ৰীণা দ্বিবেদী। লাৱণ্য চেহেৰা আৰু পৰিপাতি পোছাকেৰে তেওঁ সকলোৰে নয়নৰ মণি। বিগত ২০১৯ বৰ্ষৰ লোকসভা নিৰ্বাচনৰ সময়ত হালধীয়া শাড়ীখন হৈ উঠিছিল তেওঁৰ জনপ্ৰিয়তাৰ কাৰণ। নিৰ্বাচনী বিষয়া নহৈ যেন কোনো তাৰকাহে। উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণৰ আগদিনা নিৰ্বাচনী বিষয়া-কৰ্মচাৰীসকল নিজৰ নিজৰ কেন্দ্ৰলৈ ৰাওনা হোৱাৰ সময়তে সকলোৰে চকু পৰে এইগৰাকী বিষয়াৰ ওপৰত। শাড়ী নহয়, এইবাৰ তেওঁক দেখা গ’ল ক’লা শ্লীভলেছ টপেৰে আধুনিক পোছাকত।

আছিয়ানাৰ স্মৃতি উপবনত তেওঁ উপস্থিত হোৱাত যেন কোনো তাৰকাকহে লগ পালে ভোটৰ কামত ব্যস্ত মানুহবোৰে। হেতা-ওপৰা লাগিল ছেলফী উঠাৰ। নিৰ্বাচনী দায়িত্বত নিয়োজিত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ জোৱান সকলো আগুৱাই গ’ল, উদ্দেশ্য এখন ছেলফী লোৱাৰ। লক্ষ্ণৌৰ পি ডব্লিউ ডিৰ জ্যেষ্ঠ সহকাৰী ৰীণা দ্বিবেদীয়ে তেতিয়া মোহনলালগঞ্জৰ কেন্দ্ৰলৈ যাবৰ বাবে সাজু হৈছিল। দ্বিবেদীৰ ইনষ্টাগ্ৰামত ২ লাখৰো অধিক অনুগামী আছে।

You might also like