নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাও দুৰ্ঘটনা, স্বয়ং ৰাষ্ট্ৰপতিয়ে সাগৰ সাঁতুৰি উদ্ধাৰ কৰিলে দুই মহিলাক

নিয়মীয়া বাৰ্তা, ২০ আগষ্টঃ বয়সৰ হিচাপত তেওঁ ৭১ বছৰীয়া। পদবীৰ ফালৰ পৰাও উচ্চপদস্থ- ৰাষ্ট্ৰপতি। কিন্তু এজন সুঠাম যুৱকৰ দৰে নিৰ্বিঘ্নে-নিৰ্ভয়ে মাজসাগৰলৈ বুলি সাঁতোৰ মাৰিছে তেওঁ। লক্ষ্য সাগৰত নাও ডুবি নাজল-নাথল অৱস্থাৰ সন্মুখীন হৈ ৰোৱা দুগৰাকী মহিলাক উদ্ধাৰ কৰা।

এয়া পৰ্টুগালৰ ৰাষ্ট্ৰপতি মাৰ্চেলো ৰেবেলোৱে অলপতে কৰা আকস্মিক দুঃসাহসিক অভিযানৰ কাহিনী। প্ৰেয়া ডু এলভোৰ সাগৰতীৰত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দি থকা ৰাষ্ট্ৰপতিগৰাকীয়ে বহুদূৰত দেখা পায় উলটি থকা এখন নাও আৰু কাষত দুগৰাকী মহিলা।

সহায়ৰ বাবে চিঞৰি থকা মহিলা দুগৰাকীক উদ্ধাৰ কৰাৰ বাবে অকণো সময় নষ্ট নকৰি ৰেবেলোৱে জাঁপ দিয়ে সাগৰত আৰু সাঁতুৰি দুয়োগৰাকীকে উদ্ধাৰ কৰে। বীৰদৰ্পে পাৰলৈ অহা ৰাষ্ট্ৰপতিৰ কাম-কাজে বিস্ময়াভিভূত কৰি তোলে সকলোকে।

পানীৰ প্ৰবল সোঁতৰ বাবে নাওখন উলটি যোৱাত এনে দুৰ্ঘটনাৰ সন্মুখীন হৈছিল মহিলা দুগৰাকী।

উল্লেখ্য, ৰাষ্ট্ৰপতিগৰাকীয়ে বন্ধৰ দিন বুলি সাগৰতীৰটোলৈ আহিছিল পৰ্যটন শিল্পক লৈ তেওঁ কেইদিনমান ধৰি কৰা প্ৰচাৰ-প্ৰসাৰ অভিযানত অংশ ল’বলৈ। কিয়নো ক’ৰোনাই ইতিমধ্যে পৰ্টুগালৰ পৰ্যটন খণ্ডক বৃহৎ লোকচানৰ মাজলৈ ঠেলি দিছিল।

কিন্তু ইয়াৰ মাজতে তেওঁ পালন কৰিলে আন এক মানৱ দৰদী দায়িত্বও। ৰাষ্ট্ৰপতি ৰেবোলো এই কাৰ্যৰ দ্বাৰা বিশ্বজুৰি প্ৰশংসিত হয়।

You might also like