নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পশ্চিমবংগত নির্বাচনোত্তৰ হিংসাঃ প্রতিবেদন দাখিল কৰিলে কেন্দ্রীয় চৰকাৰৰ প্রতিনিধি দলে

নিয়মীয়া বাৰ্তা, ৩০ মেঃ পশ্চিমবংগত নির্বাচনোত্তৰ হিংসাক লৈ কেন্দ্রীয় চৰকাৰৰ প্রতিনিধি দলে যুগুত কৰা প্রতিবেদন শনিবাৰে কেন্দ্রীয় ৰাজ্যিক গৃহমন্ত্রী জি কিষাণ ৰেড্ডীৰ হাতত দাখিল কৰে৷ বুদ্ধিজীৱী আৰু শিক্ষাবিদৰ এটা গোটে পশ্চিমবংগত বিধানসভা নির্বাচনৰ ফলাফলৰ পাছত সংঘটিত হিংসাৰ ওপৰত প্রতিবেদন যুগুত কৰি ৰাজ্যিক গৃহমন্ত্রী ৰেড্ডীৰ হাতত দাখিল কৰা বুলি আজি মন্ত্রালয়ে প্রকাশ কৰিছে৷

উচ্চতম ন্যায়ালয়ৰ অধিবক্তা দলটোৰ সমন্বয়ক মণিকা অ’ৰোৰাৰ নেতৃত্বত বুদ্ধিজীৱী আৰু শিক্ষাবিদৰ দলটোৱে ‘খেলা ইন বেংগল–২০২১’ শীর্ষক প্রতিবেদন দাখিল কৰে৷ এই প্রতিবেদনত প্রকাশ পোৱা তথ্য মতে, নির্বাচনোত্তৰ হিংসাৰ সময়ত মহিলাৰ ওপৰত জঘন্য নির্যাতন চলোৱা হৈছিল৷

কেন্দ্রীয় চৰকাৰৰ প্রতিনিধি দলৰ প্রতিবেদনৰ পূর্বে কেন্দ্রীয় গৃহ মন্ত্রালয়ে ৰাজ্যপাল জগদ্বীপ ধানখৰৰ পৰাও ৰাজ্যখনৰ আইন–শৃংখলাজনিত পৰিস্থিতি সন্দর্ভত প্রতিবেদন বিচাৰিছে৷ উল্লেখ্য যে ২ মে’ত নির্বাচনী ফলাফল ঘোষণা কৰাৰ পাছতে দক্ষিণ ২৪ পৰগনা আৰু উত্তৰ ২৪ পৰগনা জিলাৰ লগতে বিভিন্ন ঠাইত তৃণমূল কংগ্রেছৰ কর্মীয়ে বিজেপিৰ নেতা– কর্মীৰ ওপৰত আক্রমণ চলাইছিল৷ এই আক্রমণত ১৬জনতকৈ অধিক লোকে প্রাণ হেৰুওৱাৰ লগতে অনেক বাসগৃহ ধ্বংসস্তূপত পৰিণত হৈছিল৷

You might also like