নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশত প্ৰথমবাৰৰ বাবে ক’ৰোনা সংক্ৰমিত মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা

নিয়মীয়া বাৰ্তা, ১৯ আগষ্টঃ দেশত প্ৰথমবাৰৰ বাবে কোনো ক’ৰোনা সংক্ৰমিত ৰোগীৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হ’ল। মধ্যপ্ৰদেশৰ ভূপালৰ এইমছত ভাৰতীয় আয়ুৰ্বিজ্ঞান অনুসন্ধান পৰিষদৰ অনুমোদন লাভ কৰাৰ পিছত ক’ৰোনা সংক্ৰমিত হৈ মৃত্যুবৰণ কৰা ৰোগীগৰাকীৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হয়।

ক’ৰোনা ভাইৰাছৰ সংক্ৰমণৰ পিছত মানৱ দেহৰ অংগ-প্ৰত্যংগত পৰা প্ৰভাৱৰ বিষয়ে জনাৰ বাবে এই মৰণোত্তৰ পৰীক্ষা কৰা হয় বুলি জানিব পৰা গৈছে। উল্লেখ্য বিদেশত ইতিমধ্যে কৰা এনে মৰণোত্তৰ পৰীক্ষাৰ দ্বাৰা জনা গৈছে যে ক’ৰোনা ভাইৰাছৰ সংক্ৰমণৰ বাবে হৃদপিণ্ড, মগজু আৰু শ্বাসনলীত তেজ জমা হয়।

ভাৰততো ক’ৰোনা ভাইৰাছজনিত মৃত্যুৰ পিছত শৰীৰত পৰা প্ৰভাৱৰ বিষয়ে জনাৰ আৱশ্যকতা আছে বাবে এইমছে এই কাৰ্যসূচী গ্ৰহণ কৰে। ভূপালৰ এইমছখনত কমেও ১০টা শৱদেহৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হ’ব।

এইমছ কৰ্তৃপক্ষই জনোৱা মতে, এতিয়ালৈ মৰণোত্তৰ পৰীক্ষাৰ জৰিয়তে মানৱ শৰীৰত ক’ৰোনাৰ প্ৰভাৱ কেনে তাক জানিব পৰা যোৱা নাই যদিও গৱেষণাৰ জৰিয়তে ক’ৰোনাৰ বাবে দুৰ্বল হোৱা অংগৰ ক্ষেত্ৰত চকু দিব পৰা যাব আৰু ভেকচিন লাভ নকৰালৈ ক’ৰোনাক লৈ মানুহৰ মাজত হোৱা ভয়ৰ ভাব কমাব পৰা যাব।

You might also like