নিয়মীয়া বাৰ্তা ৩১ আগষ্টঃ নতুন দিল্লী আর্মী ৰিছার্চ এণ্ড ৰেফাৰেল হাস্পতালত চিকিৎসাধীন হৈ থকা প্রাক্তন ৰাষ্ট্রপতি প্রণৱ মুখার্জী গভীৰ ক’মাতেই আছে৷ কালি ৮৪ বছৰীয়া প্রাক্তন ৰাষ্ট্রপতি মুখার্জীৰ স্বাস্থ্য সন্দর্ভত চিকিৎসালয়ে দিয়া বিবৃতিত ভেণ্টিলেটৰৰ সহায়ত থকা প্রাক্তন ৰাষ্ট্রপতিগৰাকী গভীৰ ক’মাতেই আছে বুলি উল্লেখ কৰিছে৷
প্রাক্তন ৰাষ্ট্রপতিগৰাকীৰ ব্লাড প্রেছাৰ, হূদযন্ত্র আৰু স্পন্দন হাৰ সুস্থিৰ আৰু স্বাভাৱিক হৈ আছে বুলিও বিবৃতিত প্রকাশ পাইছে৷ উল্লেখ্য যে যোৱা ১০ আগষ্টত প্রাক্তন ৰাষ্ট্রপতিগৰাকীক চিকিৎসালয়ত ভর্তি কৰোৱা হৈছিল৷ ক’ভিড–১৯ত আক্রান্ত ৰাষ্ট্রপতিগৰাকীৰ উক্ত দিনাই মগজুৰ জটিল অস্ত্রোপচাৰ সম্পন্ন কৰাৰ পিছত ক’মালৈ যায়৷ তাতেই পুনৰ হাঁওফাঁও আৰু মলাশয়ৰ সংক্রমণত আক্রান্ত হয়৷ ইয়াৰ পিছতে ৰাষ্ট্রপতিগৰাকীৰ স্বাস্থ্যৰ বিশেষ উন্নতি হোৱা নাই৷