নিয়মীয়া বাৰ্তা, ৬ জুলাইঃ দেশৰ প্রাক্তন ৰাষ্ট্রপতি প্রণৱ মুখার্জীৰ পুত্র তথা প্রাক্তন কংগ্রেছ সাংসদ অভিজিৎ মুখার্জীয়ে আজি আনুষ্ঠানিকভাৱে মমতা বেনার্জী নেতৃত্বাধীন তৃণমূল কংগ্রেছ (টিএমচি)ত যোগদান কৰিছে৷
পূর্বে জাংগিপুৰ সমষ্টিৰ পৰা কংগ্রেছক লোকসভাত প্রতিনিধিত্ব কৰিছিল অভিজিৎ মুখার্জীয়ে৷ বিগত কেইসপ্তাহমান ধৰি তৃণমূল কংগ্রেছৰ নেতৃত্বৰে আলোচনা চলি আছিল অভিজিৎ মুখার্জীৰ৷ যোৱা মাহত অভিজিৎ মুখার্জীয়ে তৃণমূল কংগ্রেছৰ নেতা অভিশেখ বেনার্জীৰ সৈতেও আলোচনাত মিলিত হৈছে৷ কলকাতাত ভুৱা ক’ভিড ভেকচিনক লৈ চলা প্রতিবাদৰ সময়ত মমতা বেনার্জীৰ প্রতি ছ’চিয়েল মিডিয়া টুইটাৰযোগে সমর্থন জনোৱাৰ পিছতেই অভিজিৎ মুখার্জীয়ে তৃণমূল কংগ্রেছত যোগদান কৰিব বুলি বিভিন্ন মহলত বিষয়টোৱে চর্চা লাভ কৰিছিল৷
লক্ষণীয়ভাৱে প্রধানমন্ত্রী নৰেন্দ্র মোদীক বিভিন্ন সময়ত কঠোৰ সমালোচনা কৰি আহিছে অভিজিৎ মুখার্জীয়ে৷ নীৰৱ মোদী, বিজয় মালিয়া, মেহুল ছক্চি আদিৰ বিয়াগোম কেলেংকাৰিৰ বাবে মোদী চৰকাৰেই জগৰীয়া বুলিও মুখার্জীয়ে অভিযোগ কৰি আহিছে৷
লক্ষণীয়ভাৱে নেতাগৰাকীয়ে তৃণমূল কংগ্রেছত যোগদান কৰাৰ লগে লগে পশ্চিমবংগৰ কংগ্রেছ শিবিৰ দুটা ভাগত বিভক্ত হৈ পৰাৰ আশংকাই দেখা দিছে৷ পশ্চিমবংগ কংগ্রেছ গোটত ইতিমধ্যে কেইবাগৰাকীও জ্যেষ্ঠ নেতাই দলৰ শীর্ষ নেতৃত্বৰ কাম–কাজক লৈ অসন্তুষ্টি প্রকাশ কৰি আহিছে৷