নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আধুনিক ৰাজনীতিৰ চাণক্য প্রশান্ত কিশোৰৰ অৱসৰ

নিয়মীয়া বাৰ্তা, ৩ মে’: কেন্দ্রত শাসনাধিষ্ঠিত বিজেপিক জনোৱা প্রত্যাহ্বানৰ বাবে নহয়, পশ্চিমবংগ বিধানসভা নির্বাচনত তৃণমূল কংগ্রেছৰ বিজয়ৰ সন্তুষ্টিৰে নির্বাচনী ৰণনীতি প্রস্তুতকর্তা ‘আধুনিক চাণক্য’ হিচাপে চর্চিত প্রশান্ত কিশোৰে দেওবাৰে ৰাজনৈতিক ব্যৱস্থাপনাৰ পৰা অৱসৰ ঘোষণা কৰে৷

কেন্দ্রত শাসনাধিষ্ঠিত বিজেপিৰ পশ্চিমবংগ দখলৰ ৰণনীতি বিধ্বস্ত কৰি শাসকীয় তৃণমূল কংগ্রেছক তৃতীয়বাৰৰ বাবে শাসনৰ গাদীত অধিষ্ঠিত কৰাৰ নির্বাচন ৰণনীতি বিশেষজ্ঞ প্রশান্ত কিশোৰে অৱসৰ গ্রহণ কৰে৷

পশ্চিমবংগত তৃণমূল কংগ্রেছৰ জয়ৰ সন্তুষ্টিৰে তথা জয়ৰ কৃতিত্বৰে নির্বাচনী ৰণনীতি বিশেষজ্ঞৰ ভূমিকাৰ পৰা অৱসৰ গ্রহণ কৰে প্রশান্ত কিশোৰে৷ ৰাষ্ট্রীয় সংবাদ মাধ্যম ইণ্ডিয়া টুডে’ টিভিৰ সৈতে হোৱা সাক্ষাৎকাৰত কালি প্রশান্ত কিশোৰে কয়– মই দীর্ঘদিন ধৰি ৰাজনৈতিক ব্যৱস্থাপনাৰ পৰা পদত্যাগৰ কথা ভাবি আছিলোঁ আৰু তাৰ সুযোগ চাই আছিলোঁ৷ বংগই মোক সেই সুযোগ দিলে৷

You might also like