নিয়মীয়া বাৰ্তা, ৩ মে’: ক’ভিড–১৯ দ্বিতীয় জোৱাৰে দেশজুৰি সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়ত বিনামূলীয়া গণ টিকাকৰণ অভিযান আৰম্ভ কৰিবলৈ কেন্দ্রীয় চৰকাৰক আহ্বান জনাইছে ১৩ বিৰোধী দলে৷ দেওবাৰে এটা ৰাজহুৱা বিবৃতিযোগে বিনামূলীয়া গণ টিকাকৰণ দেশজুৰি আৰম্ভ কৰাৰ লগতে সকলো হাস্পতাল আৰু স্বাস্থ্য সেৱা কেন্দ্রত অক্সিজেনৰ যোগান বিঘিনি নঘটাকৈ অব্যাহত ৰাখিবলৈ ১৩ বিৰোধী দলৰ নেতাই কেন্দ্রীয় চৰকাৰক আহ্বান জনাইছে৷ বিৰোধী দলৰ এই ৰাজহুৱা বিবৃতিত প্রাক্তন প্রধানমন্ত্রী তথা জেডিএছৰ মুৰব্বী এইচ ডি দেৱগৌড়া, এনচিপিৰ মুৰব্বী শাৰদ পাৱাৰ, কংগ্রেছৰ অন্তর্ৱর্তীকালীন সভানেত্রী ছোনিয়া গান্ধী, মহাৰাষ্ট্রৰ মুখ্যমন্ত্রী তথা শিৱসেনাৰ মুৰব্বী উদ্ধৱ থাক্ৰে, ঝাৰখণ্ডৰ মুখ্যমন্ত্রী তথা জে এম এমৰ মুৰব্বী হেমন্ত চোৰেন, পশ্চিমবংগৰ মুখ্যমন্ত্রী তথা টিএমচিৰ মুৰব্বী মমতা বেনার্জী, ডিএমকেৰ মুৰব্বী এমকে ষ্টেলিন, বিএছপিৰ মুৰব্বী মায়াৱতী, এন চিৰ নেতা তথা জম্মু–কাশ্মীৰৰ প্রাক্তন মুখ্যমন্ত্রী ফাৰুক আব্দুলা, সমাজবাদী পার্টীৰ নেতা তথা উত্তৰ প্রদেশৰ প্রাক্তন মুখ্যমন্ত্রী অখিলেশ যাদৱ, চিপিআই নেতা ডি ৰাজা আৰু চিপিআইএমৰ নেতা সীতাৰাম য়েছুৰি৷
মন কৰিবলগীয়া যে কেন্দ্রীয় চৰকাৰে ইতিমধ্যে স্বাস্থ্যকর্মী–ক’ভিডৰ অগ্রণী যোদ্ধা আৰু ৬৫ বর্ষৰ ঊর্ধ্বৰ জ্যেষ্ঠ নাগৰিকক বিনামূলীয়াকৈ ক’ভিড–১৯ ভেকচিন প্রদান কৰি থকাৰ পাছত ৪৫ বছৰ ঊর্ধ্বৰ নাগৰিককো বিনামূলীয়াকৈ ভেকচিন প্রদান কৰি থকা হৈছে৷ এক মে’ৰ পৰা ১৮ৰ ঊর্ধ্বৰ লোকক ভেকচিন প্রদান কৰা হ’ব বুলি কেন্দ্রীয় চৰকাৰে ঘোষণা কৰিছে যদিও ক’ভিড–১৯ ভেকচিনৰ নাটনি হোৱাত এই অভিযান ৰাজ্যসমূহে আৰম্ভ কৰিব পৰা হোৱা নাই৷
ইপিনে, দেশজুৰি ক’ভিড–১৯ৰ সংক্রমণে সংহাৰী ৰূপ লোৱাত পৰিস্থিতি ভয়াৱহ হৈ উঠাত বিৰোধী দলসমূহে উদ্বিগ্নতা প্রকাশ কৰি বিনামূলীয়া গণ টিকাকৰণ অভিযান আৰম্ভ কৰাৰ আহ্বান জনাইছে৷