কংগ্ৰেছ অধ্যক্ষা ছোনিয়া, দল উদ্ধাৰৰ বাবে প্ৰশান্ত কিশোৰৰ নতুন ফৰ্মূলা
বিশেষ বাৰ্তা, ২৩ এপ্ৰিলঃ প্রশান্ত কিশোৰক কংগ্রেছে উপদেষ্টা হিচাপে নিয়োগ কৰিছে নেকি? এই প্রশ্নৰ স্পষ্ট উত্তৰ এতিয়াও পোৱা নাই। কিন্তু কংগ্রছৰ পুনৰুজ্জীৱনত প্রশান্তৰ ফর্মূলাক লৈ দলত জল্পনা আৰম্ভ হৈছে। বহুতেই সেই প্রস্তাৱত কংগ্রেছৰ বিক্ষুব্ধ গোষ্ঠী জি ২৩ৰ চাপ দেখা পাইছে। কংগ্রেছ সূত্রৰ খবৰ অনুসৰি প্ৰশান্তই কৈছে ২০২৪ চনলৈ ছোনিয়া গান্ধীয়েই কংগ্রেছৰ অধ্যক্ষা হৈ থাকক। তাৰ লগতে দলে কার্যকৰী সভাপতি পদ এটা তৈয়াৰ কৰক। সেই পদত বহাব লাগিব গান্ধী পৰিয়ালৰ বাহিৰৰ কোনো নেতাক, যিজন হ’ব লাগিব সংখ্যালঘু, দলিত অথবা অ’বিচি নেতা। ৰাহুল গান্ধীকলৈও প্রস্তাব যে কংগ্রেছৰ প্রাক্তন সভাপতিয়ে আপাতত কংগ্রেছৰ পার্লিয়ামেন্টাৰী কমিটিতে থাকক। কিন্তু প্ৰশান্ত কিশোৰৰ এই প্ৰস্তাবৰ পাছত দলৰ ভিতৰছোৱাত আপত্তিয়ে দেখা দিছে।