নিয়মীয়া বাৰ্তা, ৭ জুলাইঃ মোদী ২.০ চৰকাৰ কেবিনেটৰ প্রথম সম্প্রসাৰণক লৈ চর্চা চলি থকাৰ সময়তে মঙলবাৰে কেন্দ্রীয় সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্রী থাৱৰচান্দ গেহলটক কর্ণাটকৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে৷
কেন্দ্রীয় মন্ত্রীৰ উপৰি ৭৩ বছৰীয়া গেহলটে ৰাজ্যসভাত দলপতি, পার্লিয়ামেণ্টৰী ব’ৰ্ডৰ সদস্য আৰু বিজেপিৰ কেন্দ্রীয় নির্বাচন কমিটীৰ সদস্য হিচাপে কার্যনির্বাহ কৰি আছে৷
কেন্দ্রীয় কেবিনেটৰ সম্প্রসাৰণৰ যো–জা চলি থকাৰ সময়তে কর্ণাটকৰ ৰাজ্যপাল হিচাপে কেন্দ্রীয় মন্ত্রী গেহলটক নিযুক্তি দিয়াৰ লগতে আন সাতখন ৰাজ্যতো নতুন ৰাজ্যপাল নিযুক্তি দিয়ে৷
ৰাষ্ট্রপতি ৰামনাথ কোৱিন্দে নিযুক্তি দিয়া আঠ ৰাজ্যৰ ৰাজ্যপালকেইগৰাকী হৈছে– কর্ণাটকত থাৱৰচান্দ গেহলট, গোৱাত পি এছ শ্রীধৰণ পিল্লাইক, ত্রিপুৰাত সত্যদেৱ নাৰায়ণ, হাৰিয়ানাত বান্দাৰু দত্তত্রেয়, মিজোৰামত হৰি বাবু কাম্ভামপতি, ঝাৰখণ্ডত ৰমেশ বেইজ, মধ্যপ্রদেশত মংগুভাই ছগনভাই পেটেল আৰু হিমাচল প্রদেশত ৰাজেন্দ্র বিশ্বনাথ আর্লেকাৰ৷
উল্লেখ্য যে গোৱাৰ ৰাজ্যপাল পি এছ শ্রীধৰণ পিল্লাই মিজোৰামত, বান্দাৰু দত্তত্রেয় হিমাচল প্রদেশ, ৰমেশ বেইজ ত্রিপুৰাত ৰাজ্যপাল হিচাপে কার্যনির্বাহ কৰি আছিল৷