নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেন্দ্ৰৰ সিদ্ধান্তঃ বৃদ্ধি হ’ব বিমানৰ টিকটৰ মূল্য…

নিয়মীয়া বাৰ্তা ২৯ মেঃ পুনৰ বৃদ্ধি পাব ঘৰুৱা বিমানৰ ভাড়া। বৰ্তমান দেশৰ কভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বিমান যাত্ৰাৰ ক্ষেত্ৰত কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে ।

বিমানৰ টিকটৰ নুন্যতম মূল্য ১৩ ৰ পৰা ১৬ শতাংশ বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছে । এই নতুন নিৰ্দেশনা ১ জুনৰ পৰা কাৰ্যকৰী হ’ব আৰু ৩১ জুলাইলৈ বাহাল থাকিব । বৰ্তমান ঘৰুৱা বিমানৰ টিকটৰ নুন্যতম মূল্য হৈছে ২,২০০-৭,২০০ টকা আৰু সৰ্বাধিক মূল্য ৭,৮০০-২৪,২০০ টকা ।কিন্তু ১ জুনৰ পৰা ঘৰুৱা বিমানৰ টিকটৰ নুন্যতম মূল্য হ’ব ২,৬০০-৭,৮০০ টকা আৰু সৰ্বাধিক মূল্য ৮,৭০০-২৪,২০০ টকা ।

জানিব পৰা মতে, শেহতীয়াকৈ অসামৰিক বিমান পৰিবহণৰ সচিব প্ৰদীপ সিং খাৰ’লাৰ সৈতে এয়াৰলাইনছৰ প্ৰতিনিধিয়ে এখন বৈঠকত মিলিত হৈছিল । বৈঠকত প্ৰতিনিধিসকলে কভিডৰ সৈতে মোকাবিলা কৰাৰ বাবে কেন্দ্ৰৰ পৰা বিত্তীয় সাহায্য বিচাৰিছিল আৰু বিমানযাত্ৰীৰ হাৰ ৬০ শতাংশৰ কম কৰিবলৈ আহ্বান জনাইছিল ।

বিগত বৰ্ষৰ ২৩ মাৰ্চত লক ডাউনৰ বাবে বিমান সেৱা বহু দিন ধৰি বন্ধ হৈ পৰিছিল আৰু ২৫ মে’ৰ পৰা পৰ্যায়ক্ৰমে বিমানসেৱা পুনৰ আৰম্ভ হৈছিল । ইয়াৰ পিছত চৰকাৰে বিমান যাত্ৰীৰ হাৰ ৩৩ শতাংশৰ পৰা ৮০ শতাংশলৈ বৃদ্ধি কৰিছিল ।

You might also like