নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম বৃদ্ধি ২৫ টকা

চলিত বর্ষত বাঢ়িল ১৪০ টকা

নিয়মীয়া বাৰ্তা ২ জুলাইঃ দেশবাসীৰ মূৰত আন এক মাধমাৰ৷ পেট্র’ল–ডিজেল আৰু খাদ্য–সামগ্রীৰ মূল্যবৃদ্ধিক লৈ জুৰুলা দেশবাসীৰ ওপৰত এইবাৰ আন এক বোজা দি বৃহস্পতিবাৰে পৰা কার্যকৰী হোৱাকৈ ৰন্ধন গেছৰ প্রতিটো চিলিণ্ডাৰৰ মূল্য ২৫ টকা বৃদ্ধি কৰা হ’ল৷ তেল মার্কেটিং কোম্পানীসমূহে ঘৰুৱা এল পি জি চিলিণ্ডাৰৰ মূল্য ২৫ টকাকৈ বৃদ্ধি কৰাত চলিত বছৰত প্রতিটো চিলিণ্ডাৰত মুঠ ১৪০ টকাকৈ বৃদ্ধি হ’ল৷ ১৪.২ কিলোগ্রাম ঘৰুৱা চিলিণ্ডাৰৰ ৰাজসাহায্যযুক্ত আৰু ৰাজসাহায্যবিহীন চিলিণ্ডাৰত বর্ধিত মূল্য কার্যকৰী হ’ল৷

বৃহস্পতিবাৰে ২৫ টকা বৃদ্ধি হৈ গুৱাহাটীত প্রতিটো চিলিণ্ডাৰৰ মূল্য ৮৮৩ টকা হৈছে৷ তেনেদৰে দেশৰ ৰাজধানী নতুন দিল্লীত প্রতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য ৮৩৪ টকা, মুম্বাইত ৮৩৪.৫০ টকা, কলকাতাত ৮৩৫.৫০ টকা আৰু চেন্নাইত ৮৫০ টকা৷ তেল কোম্পানীসমূহে আজিৰে পৰা কার্যকৰী হোৱাকৈ প্রতিটো বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ৮৪ টকা বৃদ্ধি কৰিছে৷

লক্ষণীয় যে এল পি জি চিলিণ্ডাৰৰ ক্ষেত্রত নির্বাচিত গ্রাহককহে সামান্য ৰাজসাহায্য প্রদান কৰি আছে৷ চলিত বর্ষৰ ৪ ফেব্রুৱাৰীত এল পি জিৰ মূল্য ২৫ টকা বৃদ্ধি কৰাৰ পাছত পিছলৈ ১৫ ফেব্রুৱাৰীত ৫০ টকা, ২৫ ফেব্রুৱাৰীত ২৫ আৰু ১ মার্চত ২৫ টকা বৃদ্ধি কৰে৷ চাৰিবাৰত ১২৫ টকা প্রতিটো চিলিণ্ডাৰত বৃদ্ধি কৰাৰ পাছত আন্তর্জাতিক বজাৰত তেলৰ মূল্য হ্রাস পোৱাত প্রতিটো চিলিণ্ডাৰত ১০ টকা কর্তন কৰে৷ ইয়াৰ পাছত পুনৰ আজি প্রতিটো চিলিণ্ডাৰত ২৫ টকাকৈ বৃদ্ধি কৰাত চলিত বর্ষত প্রতিটো চিলিণ্ডাৰত মুঠ ১৪০ টকা বৃদ্ধি হ’ল৷

You might also like