নিয়মীয়া বাৰ্তা, ২১ জুনঃ সর্বদলীয় বৈঠকত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে এক ইঞ্চিও ভূমি এৰি দিয়া নহয় বুলি দৃঢ়তাৰে মন্তব্য কৰাৰ পিছতেই প্রধানমন্ত্রীক কঠোৰ ভাষাৰে সমালোচনা কৰিছে কংগ্রেছৰ প্রাক্তন সভাপতি তথা সাংসদ ৰাহুল গান্ধীয়ে৷
লাডাখৰ ঘটনাৰ পিছতেই মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ থকা ৰাহুল গান্ধীয়ে শনিবাৰে টুইটযোগে চীনৰ আগ্রাসনত প্রধানমন্ত্রী মোদীয়ে ভাৰতৰ ভূমি সমর্পণ কৰিছে বুলি মন্তব্য আগবঢ়াইছে৷
ৰাহুল গান্ধীয়ে টুইটত কয়– প্রধানমন্ত্রীয়ে ভাৰতৰ ভূমি চীনৰ আগ্রাসনত সমর্পণ কৰিছে, যদি চীনৰ ভূমিয়ে আছিল, তেতিয়াহ’লে আমাৰ জোৱান নিহত হ’ল কিয়? ক’ত তেওঁলোকৰ মৃত্যু হ’ল? উল্লেখ্য যে প্রধানমন্ত্রী মোদীয়ে এক ইঞ্চিও ভূমি এৰি দিয়া নহ’ব বুলি কোৱাৰ লগতে বৈঠকত বিৰোধী দলক স্পষ্ট কৰি দিছিল যে ভাৰতৰ ভূমি কোনোৱে দখল কৰা নাই, কিম্বা কোনো নিৰীক্ষণ চকীও দখল কৰা নাই৷ ৰাহুল গান্ধীৰ মন্তব্যক লৈ ছ’চিয়েল মিডিয়াত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷