নিয়মীয়া বাৰ্তা, ১৩ ছেপ্টেম্বৰঃ মহামাৰী ক’ভিড–১৯ৰ সংক্রমণ দ্রুতগতিত বর্ধিত হৈ থকাৰ সময়তো একাংশ লোকে অসতর্ক আৰু অসাৱধান হৈ থকা বিষয়টোক লৈ সাৱধানবাণী শুনাইছে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ মধ্য প্রদেশত পি এম এ ৱাই গৃহ উদ্বোধন কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে যেতিয়ালৈকে ঔষধ নাহে, তেতিয়ালৈকে অলপো অসতর্ক নহ’ব৷ ২ গজ দূৰত্ব আৰু মাস্ক জৰুৰী৷
ভাইৰাছটো প্রতিৰোধ কৰাৰ ক্ষেত্রত সবাতোকৈ শক্তিশালী অস্ত্র সামাজিক দূৰত্বৰ ওপৰত গুৰুত্ব দি প্রধানমন্ত্রী মোদীয়ে দেশবাসীক সামাজিক দূৰত্ব বর্তাই ৰাখিবলৈ সাৱধানবাণীৰে আহ্বান জনায়৷