নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিহাৰত গৰিব কল্যাণ আঁচনিৰ শুভাৰম্ভ প্রধানমন্ত্রী মোদীৰ

নিয়মীয়া বাৰ্তা, ২১ জুনঃ ক’ভিড–১৯ লকডাউনৰ সময়ত নিজ গৃহলৈ উভতি যোৱা প্রব্রজিত শ্রমিকক লৈ ৫০ হাজাৰ কোটিটকীয়া বৃহৎ সংস্থাপন আঁচনি ‘গৰিব কল্যাণ ৰোজগাৰ অভিযান’ৰ শনিবাৰে বিহাৰৰ পৰা শুভাৰম্ভ কৰে প্রধানমন্ত্রী মোদীয়ে৷

ৰাজ্যখনৰ খগৰিয়া জিলাত আৰম্ভ হোৱা এই গৰিব কল্যাণ ৰোজগাৰ অভিযানে দেশৰ ১১৬খন জিলাক সামৰি ল’ব৷ চহৰাঞ্চলৰ পৰা লকডাউনৰ ফলত গ্রামাঞ্চললৈ উভতি যোৱা শ্রমিকসকলক এই আঁচনিত অন্তর্ভুক্ত কৰা হ’ব৷ বিহাৰৰ ৩২খন জিলাক সামৰি লোৱাৰ লগতে এই আঁচনিত আছে উত্তৰ প্রদেশৰ ৩১খন জিলা, মধ্যপ্রদেশৰ ২৪ আৰু ৰাজস্থানৰ ২২খন জিলা৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ভিডিঅ’ কনফাৰেঞ্চযোগে শুভাৰম্ভ কৰা অনুষ্ঠানটোত বিহাৰৰ মুখ্যমন্ত্রী নীতিশ কুমাৰ, উপ–মুখ্যমন্ত্রী সুশীল মোদীকে ধৰি অভিযানক সামৰি লোৱা পাঁচ ৰাজ্যৰ মুখ্যমন্ত্রী উপস্থিত থাকে৷

তাৎপর্যপূর্ণ যে লকডাউনৰ সময়ত সংস্থাপন হেৰুওৱা প্রব্রজিত শ্রমিকক উপার্জনৰ পথ দেখুওৱাৰ বাবে মোদী চৰকাৰে এই আঁচনিখন ঘোষণা কৰিছিল আৰু আজি তাৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়৷

You might also like