নিয়মীয়া বাৰ্তা, ১১ জানুৱাৰীঃ মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ টুইটাৰ একাউণ্ট বন্ধ কৰি দিয়াৰ পিছত ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদী ছ’চিয়েল মিডিয়া প্লেটফর্মটোত আটাইতকৈ সক্রিয় ৰাজনীতিক হিচাপে চিহ্ণিত কৰিছে৷ আমেৰিকাৰ বিদায়ী ৰাষ্ট্রপতিগৰাকীৰ টুইটাৰ একাউণ্টত ফ’লৱাৰৰ সংখ্যা আছিল ৮ কোটি ৮০ লাখ ৭০ হাজাৰ৷
বর্তমান টুইটাৰ একাউণ্টত নৰেন্দ্র মোদীৰ ফ’লৱাৰৰ সংখ্যাই ৬ কোটি ৪০ লাখ ৭০ হাজাৰ অতিক্রম কৰিছে৷ টুইটাৰৰ পৰা ট্রাম্পক বিতাড়ন কৰাৰ লগে লগে মোদী হৈ পৰিছে ছ’চিয়েল মিডিয়া প্লেটফর্মটোত শীর্ষস্থানত থকা সক্রিয় ৰাজনীতিক৷ অৱশ্যে এতিয়াও আমেৰিকাৰ প্রাক্তন ৰাষ্ট্রপতি বাৰাক অ’বামা আছে টুইটাৰত শীর্ষ স্থানত৷ অ’বামাৰ ফল’ৱাৰৰ সংখ্যা ১২ কোটি ৭০ লাখতকৈও বেছি৷