নিয়মীয়া বাৰ্তা ১৬ অক্টোবৰঃ দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সম্পত্তি বৃদ্ধি পাইছে৷ বিনিয়োগৰ সঠিক পৰিকল্পনাৰ বাবে ব্যক্তি হিচাপে প্রধানমন্ত্রী মোদীৰ সম্পত্তি বিগত বর্ষৰ তুলনাত ৩৬ লাখ টকা বৃদ্ধি হৈছে৷ ২০১৯ চনত প্রধানমন্ত্রী মোদীৰ সম্পত্তিৰ মূল্য ২.৪৯ কোটি টকাৰ বিপৰীতে ২০২০ বর্ষৰ জুনত সম্পত্তি ৩০ লাখ বৃদ্ধি হৈ ২.৮৫ কোটি টকা হৈছে৷
প্রধানমন্ত্রীৰ কার্যালয়ে প্রকাশ কৰা মতে, প্রধানমন্ত্রী মোদীৰ বেংকৰ জমা প্রায় ৩.৩ লাখ বৃদ্ধি পোৱাৰ সমান্তৰালকৈ সুৰক্ষিত বিনিয়োগত ৩৩ লাখ টকা বৃদ্ধি হৈছে৷ প্রধানমন্ত্রী মোদীৰ সম্পত্তিৰ তালিকাত অস্থাবৰ সম্পত্তিৰ মূল্য ১.৭৫ কোটি টকা৷ স্থাবৰ সম্পত্তিৰ ভিতৰত গুজৰাটৰ গান্ধী নগৰৰ ছেক্টৰ–১ত ৩,৫৩১ বর্গফুটৰ এটা প্লট আছে৷ আনপিনে প্রায় ৪৫ গ্রাম ওজনৰ চাৰিটা সোণৰ আঙঠি আছে৷ যাৰ মূল্য ১.৫ লাখ টকা৷
লক্ষণীয় যে প্রধানমন্ত্রী মোদীৰ নামত কোনো ঋণ আৰু ব্যক্তিগত যান–বাহন নাই৷ হাতে জমা ৩১,৪৫০ টকা নগদ থকাৰ বিপৰীতে বেংকত আছে ৩,৩৮,১৭৩ টকা আৰু বেংক ফিক্সড ডিপ’জিট–এম অ’ ডি বেলেঞ্চ আছে ১,৬০,২৮,৯৩৯ টকা৷ এই ধনখিনি এছ বি আই গান্ধী নগৰ এন এছ চি শাখাত আছে৷ আনপিনে, নেচনেল ছেভিংছ চার্টিফিকেটত (এন এছ চি) ৮,৪৩,১২৪ টকা আছে৷ এন এছ চিয়ে বার্ষিকভাৱে ৬.৮ শতাংশ সুদ দিয়ে৷ আয়কৰ আইনৰ ধাৰা ৮০ (গ)ৰ অধীনত এন এছ চিত জমা থ’লে সুদ ৰেহাই দিয়া হয়৷ প্রধানমন্ত্রী মোদীৰ জীৱন বীমা পলিচীৰ মূল্য ১,৫০,৯৫৭ টকা৷ তদুপৰি প্রধানমন্ত্রীগৰাকীয়্ টেক্স ছেভিংছ ইনফ্রা ব’ণ্ডত ২০ হাজাৰ টকা বিনিয়োগ কৰিছে৷
আনপিনে, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ সম্পত্তি বিগত বর্ষৰ তুলনাত হ্রাস পাইছে৷ ২০১৯ চনত গৃহমন্ত্রী শ্বাহৰ সম্পত্তিৰ মূল্য ৩২.৩ কোটিৰ বিপৰীতে ২০২০ চনৰ জুন মাহলৈ তেওঁৰ সম্পত্তি ৩.৬৭ কোটি হ্রাস পাই সম্পত্তিৰ মূল্য ২৮.৬৩ কোটি হৈছে৷
তাৎপর্যপূর্ণ যে বিনিয়োগ কৰা ধনৰ বজাৰত মূল্য হ্রাস পোৱাৰ বাবে গৃহমন্ত্রী শ্বাহৰ সম্পত্তিৰ মূল্য হ্রাস পাইছে৷ শ্বাহৰ ১০ স্থাবৰ সম্পত্তিৰ মূল্য ১৩.৫৬ কোটি টকা৷ হাতত জমা আছে ১৫,৮১৪ টকা আৰু বেংকত আছে ১.০৪ কোটি টকা৷ বীমা আৰু পেন্সন পলিচীত ১৩.৪৭ লাখ, ফিক্সড ডিপ’জিটত ২.৭৯ লাখ আৰু অলংকাৰৰ মূল্য ৪৪.৪ লাখ টকা৷