নিয়মীয়া বাৰ্তা ৩ অক্টোবৰঃ “দেশত আধুনিক অস্ত্ৰ প্ৰস্তুত হ’ব, Make In India ৰ অস্ত্ৰ নিৰ্মাণৰ বাবে বৃহৎ সংস্কাৰ কৰা হৈছে। দেশৰ সেনাৰ প্ৰয়োজনীয়তা অনুসৰি ক্ৰয় আৰু উৎপাদন উন্নত হৈছে।”– আজি ৰোহটাঙত অটল টানেল নামেৰে বিশ্বৰ দীৰ্ঘতম সুৰংগ পথটো মুকলি কৰি এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।
ৰোহটাঙত অটল টানেল নামেৰে নামকৰণ কৰা ৯.০২ কিলোমিটাৰ দৈর্ঘ্যৰ বিশ্বৰ আটাইতকৈ দীঘলীয়া ৰাষ্ট্রীয় ঘাইপথৰ সুৰংগ আজি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰিলে৷ এই অনুষ্ঠানত ভাষণপ্ৰসংগত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়- ‘২০০২ চনত অটল জীয়ে এই সুৰংগটোৰ পথৰ আধাৰশিলা স্থাপন কৰিছিল। আজি কেবল অটল জীৰ স্বপ্নই পূৰণ হোৱা নাই, আজি লক্ষ লক্ষ লোকৰ বাবে বহু বছৰ পুৰণি অপেক্ষাৰো অন্ত পৰিছে।’
ইপিনে পথ নিৰ্মাণ, দলং নিৰ্মাণ, সুৰংগৰ নিৰ্মাণৰ কামেই হওক দেশত পূৰ্বে কেতিয়াও এনে বৃহৎ পৰিমাণত কাম হোৱা নাছিল বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এনে দীৰ্ঘতম পথৰ বাবে লাভ কেৱল সাধাৰণ জনতাৰে হোৱা নাই লগতে আমাৰ সামৰিক জোৱানসকলৰো বিশাল লাভদায়ক হৈছে।
Atal Ji laid the foundation stone of approach road of this tunnel in 2002. Till 2013-2014, progress was made only on 1,300 meters of this tunnel. After 2014, the project progressed with unprecedented pace: PM Narendra Modi https://t.co/B56Q9F2AgC
— ANI (@ANI) October 3, 2020