নিয়মীয়া বাৰ্তা, ১৯ জুনঃ ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰ মোকাবিলা কৰাৰ ক্ষেত্রত ত্রুটিপূর্ণ নীতিৰ বাবে জনপ্রিয়তা হ্রাস পালেও ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদী বিশ্ব নেতাৰ ৰেটিঙৰ শীর্ষত স্থান পাইছে৷ আমেৰিকা যুক্তৰাষ্ট্রৰ ডাটা ইণ্টেলিজেঞ্চ ফার্ম মর্নিং কনছাল্টে চলোৱা সমীক্ষাত বিশ্ব নেতাৰ ভিতৰত ৬৬ শতাংশৰে প্রধানমন্ত্রী মোদীয়ে শীর্ষস্থান লাভ কৰিছে৷
আমেৰিকা যুক্তৰাষ্ট্র, গ্রেট ব্রিটেইন, ৰাছিয়া, অষ্ট্রেলিয়া, ফ্রান্স, কানাডা, ব্রাজিল আৰু জার্মানীসহ ১৩খন দেশৰ নেতাৰ ভিতৰত প্রধানমন্ত্রী মোদীয়ে শীর্ষস্থান লাভ কৰাৰ বিপৰীতে দ্বিতীয় স্থানত আছে ৬৫ শতাংশৰে ইটালীৰ প্রধানমন্ত্রী মেৰি’ ড্রাঘি আৰু তৃতীয় স্থানত আছে ৬৩ শতাংশৰে মেক্সিকোৰ ৰাষ্ট্রপতি এণ্ড্রেছ মেনুৱেল লোপেজ অব্রাড’ৰ৷
ইয়াৰ পাছতেই স্থান লাভ কৰিছে অষ্ট্রেলিয়াৰ প্রধানমন্ত্রী স্কট মৰিছন (৫৪ শতাংশ), ৫৩ শতাংশৰে জার্মান চেঞ্চেলৰ এঞ্জেলা মার্কেল আৰু আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি জ’ বাইডেন, ৪৮ শতাংশৰে কানাডাৰ প্রধানমন্ত্রী জাষ্টিন ট্রুড’, ৪৪ শতাংশৰে গ্রেট ব্রিটেইনৰ প্রধানমন্ত্রী বৰিছ জনছন, ৩৭ শতাংশৰে দক্ষিণ কোৰিয়াৰ ৰাষ্ট্রপতি মুন ঝ’, ৩৭ শতাংশৰে স্পেইনৰ প্রেড’ চাঞ্জেজ, ৩৫ শতাংশৰে ব্রাজিলৰ ৰাষ্ট্রপতি জাইৰে ব’লছোনাৰো, ৩৫ শতাংশৰে ফ্রান্সৰ ৰাষ্ট্রপতি ইমানুৱেল মেক্র’ আৰু ২৯ শতাংশৰে জাপানৰ প্রধানমন্ত্রী যশীহিডে ছুগা৷
উল্লেখ্য যে মর্নিং কনছাল্টে ভাৰতৰ ২,১২৬ প্রাপ্ত বয়স্ক লোকৰ মতামত গ্রহণ কৰি যোৱা ১৭ জুনত গ্ল’বেল লীডাৰ এপ্র’ভেল ৰেটিং ট্রেকাৰ তালিকা প্রস্তুত কৰিছে৷ এই সমীক্ষাত প্রধানমন্ত্রী মোদীক ৬৬ শতাংশই সন্তুষ্ট হোৱা বুলি প্রকাশ কৰাৰ বিপৰীতে ২৮ শতাংশই মোদীক লৈ অসন্তুষ্ট বুলি মত প্রকাশ কৰিছে৷ এই সমীক্ষা অনলাইনযোগে চলোৱা হৈছিল৷