নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিশুসুলভ অভিব্যক্তি! মহাৰাণীয়ে নহয় কণমানি ৰাজকুমাৰেহে দৃষ্টি কাঢ়িলে

বিশেষ বাৰ্তা, ৩ জুনঃ ব্ৰিটেইনৰ মহাৰাণী এলিজাবেথ দ্বিতীয়ৰ শাসনকালৰ ৭০ বছৰ পূৰ্তি উপলক্ষে কালিৰে পৰা আৰম্ভ হৈছে বিশাল সমাৰোহৰ। নতুন ৰূপত সজাই তোলা হৈছে গোটেই দেশখনক। কালি গান-চেলুট আৰু সামৰিক বিমানৰ ফ্লাই-পাষ্টৰ জৰিয়তে উদযাপন আৰম্ভ হয়। ৯৬ বছৰীয়া মহাৰাণীয়ে লণ্ডনত অনুষ্ঠিত সামৰিক পেৰেডত চেলুট লৈছিল আৰু তাৰ পিছত বাকিংহাম পেলেচৰ বেলকনিত দ্বিতীয়বাৰৰ বাবে পদাৰ্পণ কৰি বাহিৰত উল্লাসিত জনতাক হাত জোকাৰি সঁহাৰি দিছিল। ৰাজপৰিয়ালৰ কঠোৰ নিয়ম-অনুশাসন মানি সকলো আয়োজন কৰা হৈছিল। শৃংখলাবদ্ধভাবে কেইবাজনো সদস্য- ৰাজকুমাৰ চাৰ্লছ, উইলিয়াম আৰু জৰ্জ -ডাচ্ছেছ অৱ কৰ্ণৱাল কেমিলা আৰু কেট মিডলটনেও ৰাণীৰ সৈতে যোগদান কৰি ফটোৰ বাবে প’জ দিছিল। কিন্তু উইলিয়াম আৰু কেটৰ সৰু পুত্ৰ প্ৰিন্স লুইছে কৰা কাণ্ডই গোটেই অনুষ্ঠানৰ দৃষ্টি কাঢ়ি নিয়ে আৰু হাঁহিৰ খোৰাক দিয়ে।

গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ মাজতে চাৰি বছৰীয়া ৰাজকুমাৰজনে ফ্লাই-পাষ্টৰ সময়ত ৰাজপৰিয়ালৰ বায়ুসেনাৰ জেট বিমানৰ কাণ তাল মৰা শব্দ সহিব নোৱাৰি হাহাকাৰ কৰি উঠে। ফটোত শিশুসুলভ চৰিত্ৰৰেই মুখ বেঁকা কৰি কাণ দুখন ঢকা দেখা গৈছে। শিশু ৰাজকুমাৰৰ মৰমলগা অভিব্যক্তিৰ ফটোবোৰ ভাইৰেল হৈ পৰিছে। ৰাজকুমাৰ লুইছে তেওঁৰ আজো আইতাকৰ সৈতে আড্ডা মাৰি থকাও দেখা গৈছে। ফটোবোৰত মাক কেটে শিশুটিক বুজাই ক্ষান্ত কৰিব খোজাও দেখা গৈছে। এই ফটোবোৰে বৰকৈ জনপ্ৰিয়তা অৰ্জন কৰিছে ছ’চিয়েল মিডিয়াত।

You might also like