নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২১৫ মিটাৰ উচ্চতাৰ হনুমানৰ মূৰ্তি বনোৱা হ’ব কৰ্ণাটকৰ কিষ্কিন্ধ্যাত

নিয়মীয়া বাৰ্তা, ৭ আগষ্টঃ অযোধ্যাৰ ৰাম মন্দিৰৰ ভূমি পূজনৰ পিছতে ধৰ্মক লৈ সচেতন হৈ উঠিছে সমগ্ৰ ভাৰতবৰ্ষ। ৰাম মন্দিৰৰ সপোন সাৰ্থক হোৱাৰ পিছত উত্তৰ প্ৰদেশ চৰকাৰে ঘোষণা কৰিছিল যে অযোধ্যাত ভগৱান ৰামৰ এটা মূৰ্তি নিৰ্মাণ কৰা হ’ব।

এই ঘোষণাৰ পিছতে এইবাৰৰ কৰ্ণাটকত নতুনকৈ গঠিত এটা ন্যাসৰ পৰা জনোৱা হৈছে যে ভগৱান ৰামৰ মূৰ্তিতকৈ ৬ মিটাৰ সৰু অৰ্থাৎ ২১৫ মিটাৰ উচ্চতাৰ হনুমানৰ মূৰ্তি নিৰ্মাণ কৰা হ’ব কৰ্ণাটকত।

কৰ্ণাটকৰ হাম্পি অঞ্চলক কেন্দ্ৰ কৰি গঢ় লোৱা বেচৰকাৰী সংস্থা হনুমদ জন্মভূমি তীৰ্থেক্ষত্ৰ ট্ৰাষ্টে আগন্তুক ৬ বছৰৰ ভিতৰত এই মূৰ্তি নিৰ্মাণৰ পৰিকল্পনা কৰিছে। ৰামভক্ত হনুমানৰ জন্মভূমি কিষ্কিন্ধ্যা ক্ষেত্ৰত নিৰ্মিত হ’বলগীয়া মূৰ্তিটো প্ৰসংগত ন্যাসটোৰ ফালৰ পৰা জনোৱা হৈছে যে ৰামৰ প্ৰধান ভক্ত হনুমান আছিল, গতিকে ৰাম মন্দিৰ নিৰ্মাণৰ শুভাৰম্ভৰ লগে লগে হনুমানৰ প্ৰাসংগিতকাতাও আহি যায়।

ন্যাসটোৰ মুৰব্বী গোৱিন্দানন্দ সৰস্বতীয়ে জনাই যে নিৰ্মাণ হবলগীয়া ৰাম মন্দিৰৰ অযোধ্যা নগৰৰ দৰে গঢ়ি তোলা হ’ব কিষ্কিন্ধ্যা ক্ষেত্ৰকো। ভাৰতৰ এক ধৰ্মীয় পৰ্যটনস্থলী ৰূপে পৰিচিত হাম্পি অঞ্চলৰ কিষ্কিন্ধ্যা ক্ষেত্ৰক দেশৰ অন্যতম তীৰ্থক্ষেত্ৰ ৰূপে পৰিচিত কৰোৱাৰ বিশেষ কাৰ্যসূচী ৰূপে হনুমানৰ মূৰ্তি নিৰ্মাণৰ কথা ব্যক্ত কৰে স্বামীয়ে।

You might also like