নিয়মীয়া বাৰ্তা, ৩০ জুলাইঃ কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰাই বৃহস্পতিবাৰে দিল্লীস্থিত লোধী ষ্টেট অঞ্চলত থকা নিজৰ চৰকাৰী আৱাস খালী কৰিছে । কেন্দ্ৰীয় চৰকাৰে তেওঁক এক জাননী যোগে ১ আগষ্টৰ ভিতৰত খালী কৰাৰ নিৰ্দেশ দিছিল যদিও নিৰ্ধাৰিত সময়ৰ পূৰ্বেই তেওঁ সেই চৰকাৰী আৱাস ত্যাগ কৰে ।
সংবাদ সংস্থা পিটিআইত প্ৰকাশিত খবৰ মতে, প্ৰিয়ংকাই মধ্য দিল্লীৰ নিজা গৃহলৈ যোৱাৰ পূৰ্বে কিছুদিন গূড়গাঁৱৰ পেণ্টহাউচতে থাকিব ।